মাৰ্ঘেৰিটাত বীৰ ৰাঘৱ মৰাণ দিৱসৰ আয়োজন : বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ 'বীৰ ৰাঘৱ মৰাণ' বঁটা

মাৰ্ঘেৰিটাত বীৰ ৰাঘৱ মৰাণ দিৱসৰ আয়োজন : বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ 'বীৰ ৰাঘৱ মৰাণ' বঁটা

ডিজিটেল সংবাদ,তিনিচুকীয়া: অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ মৰাণসকলৰ চিৰনমস্য বীৰপুৰুষ ৰাঘৱ মৰাণৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে মাৰ্ঘেৰিটাত বীৰ ৰাঘৱ মৰাণ দিৱসৰ আয়োজন কৰা হৈছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে তিনিচুকীয়া জিলা সমিতিৰ সহযোগত তথা পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ আতিথ্যত অহা ১৯ নৱেম্বৰত বীৰ ৰাঘৱ মৰাণ দিৱসৰ আয়োজন কৰিছে।

এক বিবৃতিত এই কথা সদৰি কৰিছে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে । বিবৃতিটোত নেতাদ্বয়ে উল্লেখ কৰে যে অসমৰ খিলঞ্জীয়া সকলো জাতি-জনগোষ্ঠীৰ বীৰ-বীৰাংগনাৰ বীৰত্ব, আদৰ্শ, কৰ্মৰাজি আৰু মহত্বক অসমৰ সমাজ-জীৱনত প্ৰতিষ্ঠা কৰাৰ লগতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অংশীদাৰ হোৱা প্ৰত্যেকটো জাতি-জনগোষ্ঠীৰ মাজত ঐক্য-সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰাৰ মানসৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰয়াস কৰি আহিছে।

পৰিষদৰ এনে প্ৰয়াসৰ অংশহিচাপে চৰাইদেউত চ্যুকাফা দিৱস, ধুবুৰীত বীৰ চিলাৰায় দিৱস, বোকাজানত কাৰ্বি জনগোষ্ঠীৰ পিতৃপুৰুষ চেমচন সিং ইংতি আৰু তেজপুৰত বীৰ চিলাৰায় দিৱস আয়োজন কৰি আহিছে । এই বছৰৰ পৰা পৰিষদে কেন্দ্ৰীয়ভাৱে তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ মহানায়ক বীৰ ৰাঘৱ মৰাণ দিৱস আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

দিৱসৰ সতে সংগতি ৰাখি প্ৰতিবছৰে অসমৰ সমাজ-জীৱনৰ বিভিন্ন দিশত বিশেষভাৱে অৰিহণা আগবঢ়োৱা একোগৰাকী বিশিষ্ট ব্যক্তিক মনোনীত কৰি বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰদানৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সংগঠনটোৱে প্ৰথমবাৰৰ বাবে বীৰ ৰাঘৱ মৰাণ বঁটা বিশেষ জুৰি ব'ৰ্ডৰ দ্বাৰা মনোনীত অসমৰ বিশিষ্ট সাংবাদিক,তথা প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰুক আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ।

অহা ১৯ নৱেম্বৰৰ দিনা মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাবত অনুষ্ঠিত হ'বলগা বীৰ ৰাঘৱ মৰাণ দিৱসৰ দিনা ৰাজগুৰুক এই বঁটা প্ৰদান কৰা হ'ব । বৃহত্তৰ অসমীয়া সমাজ-জীৱনত ইতিহাসৰ অন্যতম কৃষক বিদ্ৰোহৰ সূচনা কৰা বীৰ ৰাঘৱ মৰাণৰ জীৱনাদৰ্শৰ সঠিক মূল্যায়নৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিকতা ৰক্ষা কৰি প্ৰতি বছৰে বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰদান কৰি যাব বুলি বিবৃতিটোত নেতাদ্বয়ে উল্লেখ কৰে ।

মাৰ্ঘেৰিটাত বীৰ ৰাঘৱ মৰাণ দিৱসৰ আয়োজন : বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ 'বীৰ ৰাঘৱ মৰাণ' বঁটা
তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত চাইকেল আৰোহী গুৰুতৰভাৱে আহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in