তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত চাইকেল আৰোহী গুৰুতৰভাৱে আহত

তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত চাইকেল আৰোহী গুৰুতৰভাৱে আহত

author-image
Asomiya Pratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত চাইকেল আৰোহী গুৰুতৰভাৱে আহত

ডিজিটেল সংবাদ,বটদ্ৰৱা : নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বটদ্ৰৱাৰ ভোমোৰাগুৰিত বুধবাৰে বিয়লি তীব্ৰবেগী AS 31-C-0153 নম্বৰৰ ডাম্পাৰৰ খুন্দাত এজন চাইকেল আৰোহী গুৰুতৰভাৱে আহত হয়। লগে লগে স্থানীয় লোকৰ তৎপৰতাত আহত লোকজনক সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰা হয়।

Advertisment

আহত ব্যক্তিগৰাকীৰ নাম নিত্যানন্দ নাথ।ঘৰ ন-সত্ৰৰ কহুৱাতলিত। উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰখনে উক্ত স্থানৰ পৰা পলায়ন কৰে। পাছত ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ ডাম্পাৰখনক বিচাৰি অভিযান অব্যাহত ৰাখে যদিও পৰবৰ্তী কালত বটদ্ৰৱা আৰক্ষীয়ে ড্ৰাম্পাৰ খন জব্দ কৰে।

উল্লেখ্য যে, মৃত্যুদূতলৈ পৰিণত হোৱা নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথটো নতুনকৈ নিৰ্মাণ কাৰ্য্য চলি থকাৰ বাবে একাংশ ডাম্পাৰ চালকে গুৰু-গোসাই নামানি তীব্ৰবেগীত বাহন চলোৱাৰ বাবেই বিগত দিনত বহু কেইটা দূৰ্ঘটনা সংঘটিত হোৱাত বহু কেইজন ব্যক্তিয়ে মৃত্যুক সাবটি লবলগীয়া হৈছে। কিন্তু ইমানবোৰ হৈ যোৱাৰ পাছতো গুৰুত্ব নাই নগাঁও জিলা প্ৰশাসনৰ।

Also Read: বঢ়মপুৰ হাতীয়নীভেটাৰ পৰা মুকবধিৰ যুৱক সন্ধানহীন

Batadrawa Assam police