অসম-অৰুণাচল সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে আলফা (স্বাঃ), এন এছ চি এনৰ গতিবিধি!

অসম-অৰুণাচল সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে আলফা (স্বাঃ), এন এছ চি এনৰ গতিবিধি!

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী নিৰাপদ এলেকাসমূহত আলফা স্বাধীন আৰু এন এছ চি এনৰ গতিবিধি ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী নিৰাপদ এলেকাসমূহত আলফা স্বাধীন আৰু এন এছ চি এনৰ গতিবিধি ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ।

চুবুৰীয়া পাহাৰীয়া ৰাজ্যখনৰ ভাৰত-চীন-ম্যানমাৰ সীমান্তৱৰ্তী ঘন জংঘলত এই সশস্ত্ৰ সংগঠন দুটাৰ ভালেসংখ্যক সদস্যই অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত হৈ অসমত প্ৰৱেশৰ হেতু বাহৰ পাতি আছে ৷

বিভিন্ন কূটাঘাতৰ জৰিয়তে ধন সংগ্ৰহ অভিযান সফল কৰাৰ বাবেই সশস্ত্ৰ সংগঠনৰ সদস্যসকলে পৰিকল্পনা যুগুত কৰিছে । এই দাবী অৰুণাচল প্ৰদেশ আৰক্ষীৰ ৷

আলফা (স্বা:) আৰু এন এছ চি এনৰ গতিবিধি ৰাজ্যদুখনত নিয়ন্ত্ৰণত থকা বুলি অসম আৰু অৰুণাচল চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক দাবী কৰাৰ সময়তে বুধবাৰে উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাকুম বাইপাছত এটা আই ই ডি উদ্ধাৰ কৰাৰ পিছ মুহূৰ্ত্ততে নিশালৈ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখাম থানাৰ অন্তৰ্গত মমং গাঁৱত থকা এটা পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীক সামৰিক পোচাকত অহা সশস্ত্ৰ সংগঠনৰ সদস্যই অপহৰণ কৰি নিয়া আৰু আন এগৰাকীক গুলীয়াই আহত কৰা এক ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

চুবুৰীয়া ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰা তথা ৰাজ্যৰ ৰাজনীতিত খলকনি তোলা এই ঘটনা সন্দৰ্ভত নামচাই জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াই জানিব দিয়া অনুসৰি কালি নিশা প্ৰায় ৭•১৫ বজাত বিদ্যুৎ সৰবৰাহ বন্ধ থকাৰ সুযোগ গ্ৰহণ কৰি নামচাই জিলা পৰিষদৰ সদস্য তথা বিজেপিৰ সক্ৰিয় নেতা জেমিয়া নামচুং মালিকাধীন ভাৰত পেট্ৰ’লিয়ামৰ তেল ডিপোত সামৰিক পোচাক পৰিহিত তিনিজনীয়া সশস্ত্ৰ দল এটাই প্ৰৱেশ কৰে ।

সশস্ত্ৰ দলটোৱে প্ৰৱেশ কৰিয়েই শূণ্যলৈ কেইবাজাইও গুলীচালনা কৰি ডিপোটোত কৰ্মচাৰী হিচাপে নিয়োজিত বিহাৰৰ মুজ্জাফৰপুৰ জিলাৰ গোপীনাথ গাঁৱৰ বাসিন্দা দীনেশ কুমাৰ শৰ্মাক অপহৰণ কৰি নিয়ে ৷

তদুপৰি দলটোৱে মিথৈ মাঝি নামৰ এগৰাকী জেচিবি চালকক গুলীয়াই আহত কৰে ৷ গুলীচালনাৰ শব্দ শুনি ঘটনাস্থলীত ততাতৈয়াকৈ স্থানীয় আৰক্ষী উপস্থিত হৈ গুলীবিদ্ধ মাঝিক সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে ৷

জেচিবি চালকজনে জানিব দিয়া মতে সশস্ত্ৰ দলটোৱে গুলীচালনা কৰি তেল ডিপোটোৰ কৰ্মচাৰী দীনেশ কুমাৰ শৰ্মাক বলপূৰ্বকভাবে খোজকঢ়াই নি থকা সময়ত দলটোক দুৰ্বিধাত পেলাবলৈ তেওঁ জেচিবিখনৰ হে’ড লাইট জ্বলাই দিছিল । যাৰবাবে উগ্ৰপন্থীৰ দলটোৱে তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে ৷

ইফালে তেল ডিপোটোৰ কৰ্মচাৰীগৰাকীক সশস্ত্ৰ দলটোৱে অপহৰণ কৰি নিয়াৰ পিছমুহূৰ্ত্ততে দলটোৰ সন্ধানত অৰুণাচল আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, আৰ আই বি এন আৰু ভাৰতীয় সেনাই সমগ্ৰ নামচাই জিলাখন ঘেৰাও কৰি তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও বাতৰি লিখা পৰ্যন্ত তেওঁলোকৰ সন্ধান পোৱা নাই ৷

নামচাই আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এ কে ৪৭ ৰাইফলৰ কেইবাটাও খালি কাৰ্টিজ উদ্ধাৰ কৰে ৷ ডিপোটোৰ কৰ্মচাৰীজনৰ অপহৰণৰ সৈতে আলফা (স্বাঃ) অথবা এন এছ চি এন জড়িত থকা বুলি নামচাই জিলাৰ শীৰ্ষ আৰক্ষীয়ে দাবী কৰিছে ৷

শাসকীয় বিজেপি নেতাৰ তেল ডিপোক লক্ষ্য কৰি সশস্ত্ৰ সংগঠনে চলোৱা এই অভিযানক লৈ চুবুৰীয়া ৰাজ্যখনৰ ৰাজনৈতিক মহলতো বিষয়টো চৰ্চিত হৈছে বুলি জানিব পৰা গৈছে । ধন সংগ্ৰহ অভিযানৰ অংশ হিচাপেই উগ্ৰপন্থীৰ দলটোৱে ডিপোটোৰ কৰ্মচাৰীগৰাকীক অপহৰণ কৰা বুলি আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছে ।

অসম-অৰুণাচল সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে আলফা (স্বাঃ), এন এছ চি এনৰ গতিবিধি!
কাকপথাৰ ৰাইচ মিলত উদ্ধাৰ বস্তাই বস্তাই ৰাজহুৱা চাউল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in