কাকপথাৰ ৰাইচ মিলত উদ্ধাৰ বস্তাই বস্তাই ৰাজহুৱা চাউল...

কাকপথাৰ চহৰত কেন্দ্ৰীভূত হৈ থকা কেইবাটাও ৰাইচ মিলত বৃহস্পতিবাৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এটা দলে অতৰ্কিতে অভিযান চলাই অবৈধভাৱে মজুত কৰি ৰখা কুইন্টলে কুইন্টলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল আৰু খাদ্য নিগমৰ ধান জব্দ কৰে

author-image
Asomiya Pratidin
New Update
কাকপথাৰ ৰাইচ মিলত উদ্ধাৰ বস্তাই বস্তাই ৰাজহুৱা চাউল...

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ কাকপথাৰ চহৰত কেন্দ্ৰীভূত হৈ থকা কেইবাটাও ৰাইচ মিলত বৃহস্পতিবাৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এটা দলে অতৰ্কিতে অভিযান চলাই অবৈধভাৱে মজুত কৰি ৰখা কুইন্টলে কুইন্টলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল আৰু খাদ্য নিগমৰ ধান জব্দ কৰে ৷

Advertisment

ইয়াকে লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ৰাজ্যত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল মুকলি বজাৰত বিক্ৰী হৈ থকা দীৰ্ঘদিনীয়া অভিযোগ সত্য ৰূপত প্ৰতিপন্ন হৈছে ।

ৰাজকোষৰ কোটি কোটি ধন ব্যয় কৰি দৰিদ্ৰ হিতাধিকাৰীক এসাজ পেটভৰাই খাবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই অভিলাষী আঁচনিৰ চাউলক লৈ যে একাংশ ধুৰন্ধই বৃহৎ বজাৰ গঢ়ি তুলিছে সেয়া দিনৰ পোহৰৰ দৰেই স্পষ্ট হৈ পৰিছে ।

এইক্ষেত্ৰত সমবায় সমিতিসমূহৰ লগতে ইয়াৰ এজেন্টসমূহ সন্দেহৰ আওতাত আছে। আজি কাকপথাৰত পোহৰলৈ অহা এই ভয়ংকৰ কাৰছাজি অনুসৰি চহৰখনৰ গেলগেলী পট্টিস্থিত কেইবাটাও ৰাইচ মিলত আজি তিনিচুকীয়া জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে চলোৱা অভিযানত ভাৰতীয় খাদ্য নিগমৰ মোহৰ মৰা তথা ষ্টিকাৰ লাগি থকা বস্তাই বস্তাই চাউল উদ্ধাৰ কৰা হয় ।

তদুপৰি মিলসমূহত অবৈধভাৱে ক্ৰয় কৰা ধানো অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে ৷ জানিব পৰা মতে প্ৰাপ্ত অভিযোগৰ ভিত্তিত অসামৰিক খাদ্য আৰু যোগান বিভাগে এই অভিযান চলায় ৷

অভিযানৰ সময়ত কোনোধৰণৰ নথি-পত্ৰ নোহোৱাকৈ মিলৰ গৰাকীয়ে ভাৰতীয় খাদ্য নিগমৰ কুইন্টলে কুইন্টলে চাউল মজুত কৰি ৰখা বিষয়টো পোহৰলৈ আহিছে ।

এতিয়া প্ৰশ্ন উত্থাপিত হয় এই মিলসমূহলৈ ক'ৰপৰা আহিল ইমান বুজন পৰিমাণৰ খাদ্য নিগমৰ ধান-চাউল ? এই বিষয়ত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ নিৰপেক্ষ তদন্ত নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে ।

আনহাতে ৰাজ্য চৰকাৰে কৃষকসকল উপকৃত হ'ব পৰাকৈ এক উচিত মূল্য নিৰ্ধাৰণ কৰি ৰাজ্যৰ চুকে-কোণে ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰি দিয়াৰ পিছতো এই ৰাইচ মিলসমূহৰ বস্তাই বস্তাই কৃষকৰ ধান উদ্ধাৰ হোৱা বিষয়টো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

এই মিলসমূহৰ পৰা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈ অবৈধভাৱে খাদ্য নিগমৰ চাউল ৰপ্তানি অব্যাহত থকা বুলিও অভিযোগত প্ৰকাশ পাইছে ৷

আজিৰ অভিযানত তিনিচুকীয়া জিলা অসামৰিক খাদ্য আৰু যোগান বিভাগে কাকপথাৰ চহৰৰ মুঠ পাঁচটা ৰাইচ মিলৰ পৰা ভাৰতীয় খাদ্য নিগমৰ বুজন পৰিমাণৰ চাউল আৰু ধান জব্দ কৰাৰ লগতে বিভাগৰ তৰফৰ পৰা পৰৱৰ্তী নিৰ্দেশনা নোপোৱা পৰ্যন্ত মিলসমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰে ৷

Also Read: জাজৰীত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ...

rice seized ricemil