/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/9347694f-bdc6-4297-9958-faa8e13aca9a/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়াঃ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিচুকীয়াৰ চলিহা নগৰ খেলপথাৰত শনিবাৰৰে পৰা আৰম্ভ হৈছে তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলন। এই উপলক্ষে পুৱাৰ ভাগত চলিহা নগৰ খেলপথাৰত পৰিৱেশ সুৰক্ষা সমিতি, অসমে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে।
স্থানীয় বিধায়ক-কেবিনেট মন্ত্ৰী তথা উদযাপন সমিতিৰ সভাপতি সঞ্জয় কিষাণৰ উপস্থিতিত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই। তেওঁ প্ৰতিটো সাংস্কৃতিক কাৰ্যসূচী আয়োজনৰ সময়চোৱাত দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে গছপুলি ৰোপণ আৰু বিতৰণত প্ৰাধান্য দিয়াতো আদৰণীয় পদক্ষেপ আৰু ই সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে বুলি মন্তব্য কৰে ।
গছপুলি ৰোপণ কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন বিধায়ক ৰাজু চাহু, সমাজসেৱক শৰৎ দাস, পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি দিগন্ত ভট্ট, সদস্য অপূৰ্ব দাস, জিলা উপ-সভাপতি ৱাজিদ খান, সহকাৰী সম্পাদক ক্ৰমে কিশোৰ চাহ, বিচিত্ৰ বৰঠাকুৰ আৰু বিজয় মল্লিক, এজিপি নেতা দেবু তাঁতী, আটছাৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ সম্পাদক মহাবীৰ কুৰ্মী আদি । ইফালে কৰম সন্মিলনৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি পুৱা সাংস্কৃতিক পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি সঞ্জয় কিষাণে। তেওঁক সহযোগিতা আগবঢ়াই উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতিদ্বয় ক্ৰমে নগেন কুমাৰ আৰু যতীন বৰাইকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d2004287-7e47-4490-a599-cb2dce3df617/4753d2b7_fcce_4fe7_8331_523abcd87df6.jpg)
স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ যুটীয়া সম্পাদক ক্ৰমে অনুজ তাঁতী আৰু মৰম তাঁতীয়ে। ইয়াৰ পাছত ঐক্য আৰু সংহতিৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে বিশিষ্ট শিল্পী কাজল দেৱে। আনফালে মঞ্চ মুকলি কৰে বিশিষ্ট লেখক অমৃত ৰাজখোৱাই। ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ, চিত্ৰাংকণ, কবিতা আবৃত্তি আদি প্ৰতিযোগিতাৰ পৰিচালনা কৰে ৰমেন বৰাইকে। নিশালৈ কৰম আখড়া উদ্বোধন কৰিব ঝুমইৰ গুৰুখ্যাত ভদ্র ৰাজোৱাৰে। উল্লেখ্য যে, এই অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।