/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/cdec02d8-7583-43b5-abec-5244b75a2d85/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ ঐতিহাসিক মায়ঙৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মায়ং আঞ্চলিক মহাবিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ শনিবাৰে সফল সামৰণি পৰে। ২৯ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ মায়ং আঞ্চলিক মহাবিদ্যালয়ত আই চি এছ এছ আৰৰ পৃষ্ঠপোষকতাত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনি উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে।
অধ্যাপক সন্দিকৈয়ে তেখেতৰ ভাষণত মহাবিদ্যালয়খনে প্ৰথম চক্ৰৰ নাকৰ পৰিদৰ্শনত এ+ গ্ৰেড লাভ কৰাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষৰ শলাগ লয়। লগতে মহাবিদ্যালয়খনে এই অনুষ্ঠান আয়োজন কৰাৰ বাবে প্ৰশংসা কৰি ৰাজ্যখনৰ জনগোষ্ঠীয় জনগোষ্ঠীসমূহৰ ওপৰত অধিক গৱেষণাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আলোচনা চক্রৰ উদ্বোধনী অধিৱেশনত বিশ্ববিদ্যালয়খনৰ লোক সংস্কৃতিৰ গৱেষণা বিভাগৰ মুৰব্বী অধ্যাপক অনিল বড়ো আৰু অসমীয়া বিভাগৰ অধ্যাপক উপেন ৰাভা হাকাছামেও উপস্থিত থাকি আলোচনা চক্ৰৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
আলোচনা চক্ৰৰ বিষয়বস্তু আছিল “অসমৰ মৰিগাঁও জিলাৰ তিৱা জনজাতিৰ লোক সংস্কৃতি”। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ মহানন্দ বৰাই। প্ৰথম কাৰিকৰী অধিৱেশনত অধ্যাপক হাকাছামৰ সঞ্চালনাত ড° অংশুমান দাসক সমল ব্যক্তি হিচাপে লৈ অনুষ্ঠিত হয়। দ্বিতীয় অধিৱেশনখন সঞ্চালনা কৰে ড° ফণীভূষণ নাথে আৰু সমল ব্যক্তি হিচাপে উপস্থিত থাকে ড° মণিৰাম কলিতা। উল্লেখ্য যে, দুয়োটা দিনৰ আলোচনা চক্ৰত অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ গৱেষক অধ্যাপকে অংশগ্ৰহণ কৰে আৰু মুঠ ৭০খন গৱেষণা পত্ৰ পাঠ কৰা হয়।
Also Read: প্ৰসংগ-"কনকলতা বিশ্ববিদ্যালয়"ৰ বাবে দক্ষিণপাট সত্ৰই আগবঢ়োৱা ভূমি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us