তিনিচুকীয়া জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়াৰ মাজত বুজাবুজি চুক্তি...

তিনিচুকীয়া পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাসন আৰু পুন:সংস্থাপন প্ৰকল্পৰ শুভ উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ: দীঘলটৰঙৰ খহনীয়া প্ৰতিৰোধৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসন-অইল ইণ্ডিয়াৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত
 তিনিচুকীয়া জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়াৰ মাজত বুজাবুজি চুক্তি...

ডিজিটেল সংবাদ, তিনিচুকীয়া: আজি তিনিচুকীয়া জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়াৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। টিংৰাইস্থিত তিনিচুকীয়া পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডক কেন্দ্ৰ কৰি বিগত সময়চোৱাত বিভিন্ন সমস্যাৰ উদ্ভৱ হয়। এই সন্দৰ্ভত বহু সময়ত স্থানীস ৰাইজে প্ৰশ্নৰ অৱতাৰণা কৰি আহিছিল। পিছে অচিৰেই এই সমস্যা সমাধান হোৱাৰ পথত।

অইল ইণ্ডিয়াৰ এক অভিলাষী প্ৰকল্পৰ জৰিয়তে ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাসন আৰু পুনৰ সংস্থাপনৰ কাম হাতত লোৱা হৈছে । যাৰ যোগেদি পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডৰ সমস্যা অৱসান ঘটিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আজি ভাৰত চৰকাৰৰ প্ৰাকৃতিক গেছ, পেট্ৰলিয়াম, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই ডাম্পিং গ্ৰাউণ্ডত অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আচঁনিৰ অধীনত 'Rehabilitation of Legacy Waste through Biomining' নামেৰে এক প্রকল্পৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত জিলা উপায়ুক্ত স্বপ্নীল পাল, অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হক, পৌৰপতি পবিত্ৰ গগৈ, অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যবাহী সঞ্চালক জ্যোতিপ্ৰসাদ দাস, মানৱ সম্পদ আৰু ক্ষেত্র প্ৰশাসনৰ মুখ্য মহাপ্ৰৱন্ধক অৰুণজ্যোতি বৰুৱা আৰু মানৱ সম্পদ আৰু প্ৰশাসনিক বিভাগৰ কাৰ্যবাহী সঞ্চালক ৰাজীৱ বৰুৱা, অআইআৰডিএছৰ সভাপতি তথা ইনষ্ট্ৰুমেণ্টেচনৰ কাৰ্যবাহী সঞ্চালক ভৈৰৱ ভূঞা উপস্থিত থাকে ।

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে তিনিচুকীয়া পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাসন আৰু পুনৰ সংস্থাপনৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া গ্ৰাম্য উন্নয়ন চ'চাইটিৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ আধাৰত তিনি কোটি সোতৰ লাখ বিৰাল্লিশ হেজাৰ টকা ব্যয় সাপেক্ষে অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আচঁনিৰ পুঁজিৰে উল্লেখিত প্ৰকল্পটো স্থাপন কৰা হয়। প্ৰকল্পটোৰ দ্বাৰা পৌৰসভাৰ লিগেচি আৱৰ্জনাৰ জৈৱ-খনন প্ৰক্ৰিয়াৰ জৰিয়তে নিষ্কাসন আৰু পুনৰ সংস্থাপনৰ কৰা হ'ব।

আজিৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা জিলা উপায়ুক্ত স্বপ্নীল পালে প্ৰকল্পটো তিনিচুকীয়া নগৰৰ বাবে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি ইয়াৰ দ্বাৰা সমগ্ৰ অঞ্চলটোৰ পাৰিপাৰ্শ্বিক, নান্দনিক আৰু সামাজিক মাপকাঠিৰ উন্নয়নত কাৰ্যকৰী হ'ব বুলি মত প্ৰকাশ কৰে । আনহাতে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তিনিচুকীয়া নগৰৰ লিগেচি আৱৰ্জনাৰ সঠিকভাৱে নিষ্কাসন আৰু পুনৰ্সংস্থাপন কৰি অঞ্চলটোৰ সৌন্দৰ্যবৰ্ধনত প্ৰকল্পটোৱে অৰিহণা যোগাব বুলি মন্তব্য কৰে। উল্লেখ্য যে আগন্তুক দিনত এই ডাম্পিং গ্ৰাউণ্ডত এখনি পাৰ্ক নিৰ্মাণৰো ব্যৱস্থা কৰা হ'ব বুলিও জানিব দিয়ে।

ইফালে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত তিনিচুকীয়া জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত জিলাখনৰ দীঘলটৰং এলেকাত অব্যাহত থকা ডিব্ৰু নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ উপস্থিতিত জিলা প্ৰশাসনৰ হৈ উপায়ুক্ত স্বপ্নীল পাল আৰু অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া (আৱাসিক)ৰ হৈ কাৰ্যবাহী সঞ্চালক জ্যোতিপ্ৰসাদ দাসে এই বুজাবুজি চুক্তিত স্বাক্ষৰিত কৰে । এই চুক্তি অনুসৰি অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আচঁনিৰ অধীনত ৪.১২৬ কোটি টকা আগবঢ়োৱা হ'ব । তদুপৰি ডুমডুমাৰ পৰা বাঘজানলৈ ২১.৬ কিল'মিটাৰ পথ নিৰ্মাণৰ বাবেও এক বুজাবুজি চুক্তি তিনিচুকীয়া জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত আজি স্বাক্ষৰিত হয় ।

 তিনিচুকীয়া জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়াৰ মাজত বুজাবুজি চুক্তি...
মধুপুৰ সত্ৰত সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান..

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in