
ডিজিটেল সংবাদ, মধুপুৰ সত্ৰ: বিগত ৮ মাৰ্চত পৰলোক প্ৰাপ্তি ঘটা কোচবিহাৰৰ মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ আদ্যশ্ৰাদ্ধ। এই আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি ১৮ মাৰ্চত অসম চৰকাৰ তথা ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত মধুপুৰ সত্ৰ সমিতিৰ উদ্যোগত সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে প্ৰকাশ কৰা এটা প্ৰেছ বিবৃতিৰ মতে, পুৱা ৯ বজাত মধুপুৰ সত্ৰৰ ভকতবৃন্দই নাম-প্ৰসংগ কাৰ্য্যসূচী সমাপন কৰাৰ পিছত দিনৰ ১১ বজাৰ পৰা গুৱাহাটীৰ বিশিষ্ট সত্ৰীয়া শিল্পী ৰবীন্দ্ৰ নাথ দাসৰ নেতৃত্বত বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰৰ ভকতবৃন্দই যুগল প্ৰসংগ পৰিৱেশন কৰে। দিনৰ ২ বজাৰ পৰা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীৰ সভাপতিত্বত আৰু মধুপুৰ সত্ৰৰ সমিতিৰ সম্পাদক কুমাৰ দীপক দাসৰ পৰিচালনাত স্মৃতি চাৰণ সভা অনুষ্ঠিত হয়।
সভাত বৰদোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দদেৱ গোস্বামী, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী, ঝাৰাবাৰী সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত আতৈ, অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম মহন্ত উপস্থিত থাকে। সত্ৰাধিকাৰসকলে প্ৰয়াত সত্ৰাধিকাৰগৰাকীৰ জীৱন পৰিক্ৰমাৰ সৰল আলোকপাত কৰে। লগতে প্ৰয়াত লক্ষ্মীকান্ত মহন্তই গুৰুতৰভাৱে অসুস্থ হৈ থকা স্বত্তেও পশ্চিমবংগৰ বিভিন্ন অঞ্চলত গুৰুজনাৰ নীতি, আদৰ্শ আৰু কৃষ্টি-সংস্কৃতিক বিয়পাই নিয়াৰ বাবে অহৰহভাৱে চলোৱা প্ৰচেষ্টাক প্ৰশংসা কৰি নতুন প্ৰজন্মক মহন্তৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হ'বলৈ আহ্বান জনায়।
সভাত যুগান্ত বায়ন আৰু হৰিদেৱ দাসৰ সম্পাদনাত প্ৰকাশ পোৱা "লক্ষ্মীকান্ত প্ৰশস্তি" নামৰ এখন স্মৰণিকা উন্মোচন কৰা হয়। গ্ৰন্থখনিৰ উন্মোচন কৰে বিশিষ্ট লেখক, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত থানেশ্বৰ মালাকৰে। আবেলি ৪ বজাৰ পৰা সত্ৰশাল সত্ৰৰ ভকতসকলৰ থিয়নামেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সামৰণি পৰে। উল্লেখ্য যে, অনুষ্ঠানত ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া উপস্থিত থাকে।