তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড, নিমিষতে ভস্মীভূত কেইবাটাও বাসগৃহ...

তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড। মঙলবাৰে নিশাৰ ভাগত তিনিচুকীয়া চহৰৰ ৰাজা আলি পথত এঘৰ লোকৰ ঘৰৰ পৰাই সূত্ৰপাত ঘটে জুইৰ।

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড, নিমিষতে ভস্মীভূত কেইবাটাও বাসগৃহ...

ডিজিটেল ডেস্কঃ তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড। মঙলবাৰে নিশাৰ ভাগত তিনিচুকীয়া চহৰৰ ৰাজা আলি পথত এঘৰ লোকৰ ঘৰৰ পৰাই সূত্ৰপাত ঘটে জুইৰ।

Advertisment

নিমিষতে জুইৰ লেনিহান শিখাই আগুৰি ধৰে বাসগৃহটো। লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী,অগ্নিনিৰ্বাপক বাহিনী। অগ্নিনিৰ্বাপক বাহিনীয়ে যুদ্ধকালীন তৎপৰতাৰে জুই নিৰ্বাপনৰ চেষ্টা চলায়।

অগ্নিকাণ্ডত তিনিটাকৈ ঘৰ ভস্মীভূত হয় ৷ জানিব পৰা মতে এজন ভাড়াতীয়াৰ ঘৰত প্ৰথমে চিলিণ্ডাৰ পৰা জুইৰ সূত্ৰাপাত সংঘটিত হৈ তিনিটাকৈ ভাড়া ঘৰ জুইয়ে পুৰি শেষ কৰে ৷

সম্প্ৰতি অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হৈছে ৷ জুইত ভস্মীভূত হোৱা সম্পতিৰ ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই৷ আনহাতে বৰ্তমান পৰ্যন্ত কোনোলোক হতাহত হোৱাৰ খবৰ আহি পৰা নাই।

Also Read: বছৰ ধৰি বন্ধ ঢকুৱাখনাৰ ৭ খনকৈ পশু চিকিৎসালয়: খবৰ নাই মন্ত্ৰী, বিধায়কৰ

fire