Advertisment

বছৰ ধৰি বন্ধ ঢকুৱাখনাৰ ৭ খনকৈ পশু চিকিৎসালয়: খবৰ নাই মন্ত্ৰী, বিধায়কৰ

ৰাজ্য চৰকাৰৰ পশুপালন মন্ত্ৰী অতুল বৰাৰ দায়িত্বহীনতাই ঢকুৱাখনা মহকুমাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগতোৰ শ্মশান যাত্ৰা ঘটাইছে।

author-image
Asomiya Pratidin
New Update
 বছৰ ধৰি বন্ধ ঢকুৱাখনাৰ ৭ খনকৈ পশু চিকিৎসালয়: খবৰ নাই মন্ত্ৰী, বিধায়কৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্য চৰকাৰৰ পশুপালন মন্ত্ৰী অতুল বৰাৰ দায়িত্বহীনতাই ঢকুৱাখনা মহকুমাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগতোৰ শ্মশান যাত্ৰা ঘটাইছে। কৃষি নিৰ্ভৰ মহকুমাটোৰ শ্ৰমজীৱী পৰিয়াল সমূহৰ পশুধনৰ স্বাস্থ্য সুৰক্ষাগত দিশটোৰ প্ৰতি চুড়ান্ত অৱহেলাপূৰ্ণ দৃষ্টিভংগী প্ৰদান কৰি এই গৰাকী মন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ বিভাগতো মহকুমাটোত অস্তিত্বহীন কৰি তোলাত আগভাগ লোৱাৰ অভিযোগ উত্থাপিত হৈছে।

Advertisment

মহকুমাটোৰ বিভিন্ন গ্ৰামাঞ্চলত অৱস্থিত মুঠ ১০ খন পশু চিকিৎসালয় উপকেন্দ্ৰই বিধ্বস্ত ৰূপ লৈছে। সংগৃহীত তথ্য মতে মহকুমাটোৰ টেকেলিফুটা বকুলগুৰি, জালভাৰী, গন্ধিয়া, আমূলগুৰি , সোনাৰী চাপৰি, মৰনৈ,বগুম, বৰদৈবাম,পুথিমাৰি আদি চিকিৎসা কেন্দ্ৰৰ এটাৰো চিকিৎসাগৃহ নাই ।

এই সকলো চৰকাৰী চিকিৎসা কেন্দ্ৰই সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী আমোলাৰ অমনোযোগিতাৰ বাবে ধাৰণ কৰিছে বিধস্ত ৰূপ। মহকুমাটোৰ বহু কেইখন এনে চৰকাৰী চিকিৎসালয়ৰ এনে অস্তিত্বহীন অৱস্থাৰ বাবে বছৰ বছৰ ধৰি বন্ধ হৈ থকাৰ উপৰিও বিভাগটোৰ বিপৰীত আৱন্টিত ভূখণ্ড বেদখলকাৰীৰ কৰাল গ্ৰাসত নিমজ্জিত হৈছে।

প্ৰাপ্ত তথ্য মতে মহকুমাটোৰ মুঠ ১০খন চিকিৎসালয় উপকেন্দ্ৰৰ ভিতৰত মাত্ৰ সোনাৰী চাপৰি ,বগুম আৰু পুঠিমাৰী কেন্দ্ৰ তিনিতাহে এতিয়া নামমাত্ৰ সক্ৰিয় হৈ আছে । অন্য ৭টা কেন্দ্ৰ চিকিৎসালয় গৃহ ,চিকিৎসক, ক্ষেত্ৰ বিষয়া ,চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আদি নিযুক্তি নোহোৱাৰ বাবে বছৰ বছৰ ধৰি বন্ধ হৈ আছে।

লক্ষ্যনীয় ভাৱে লখিমপুৰ জিলাখনৰ অন্যান্য স্থানৰ পশুপালন বিভাগৰ সকলো চিকিৎসালয়ৰ গৃহ আৰু চৌহদৰ পকী বেৰা আদি সকলোৰে স্থায়ী নিৰ্মাণ হ'ল, নিযুক্তি দিয়া হ'ল পৰ্যাপ্ত চিকিৎসক -ক্ষেত্ৰ সহায় ।

কিন্তু কেৱল বিভাগীয় অকমন্য মন্ত্ৰী অতুল বৰা ,নিষ্কর্মা বিধায়ক নৱ দলে আৰু জিলা পশুপালন বিষয়া ডাঃ কুলধৰ শইকীয়াৰ অকমন্যতা আৰু স্বার্থপৰ ভূমিকাৰ বাবে ঢকুৱাখনা মহকুমাৰ সকলো চিকিৎসালয় জহি খহি গৈ নিঃশেষ হৈ বন্ধ হৈ পৰিছে।

চিকিৎসক,ক্ষেত্ৰ সহায়ক ,চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি নিদি সমগ্ৰ চৰকাৰী সেৱা বিধ দুষ্প্ৰাপ্য কৰি তুলিছে । সমান্তৰাল ভাৱে চিকিৎসক বহিবলৈকো নিৰাপদ স্থানৰ অভাৱত ভোগা অৱশিষ্ট এনেবোৰ জৰাজীৰ্ণ চৰকাৰী চিকিৎসালয়ত নাই কোনো প্ৰয়োজনীয় আচবাব । চিকিৎসকৰ নিজা ব্যয়ৰে মজুত ৰখা চকীতে বহি দায়িত্ব পালন কৰিব লাগে নিয়োজিত চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে।

এক কথাত অচল টকালৈ পৰ্যবসিত হৈছে এইবোৰ চৰকাৰী খণ্ডৰ পশু চিকিৎসালয়। তাৰোপৰি কাৰ্যতঃ বন্ধ হৈ পৰা এনেবোৰ চিকিৎসালয়লৈ চৰকাৰী ভাবে যোগান ধৰা নহয় প্ৰয়োজনীয় দৰব । পৰিণতিত কৃষক আৰু পশুপালকে পশুধনৰ ৰোগ ব্যাধি হ'লে প্ৰায়ে দৌৰিব লাগে ব্যক্তিগত খণ্ডৰ ফাৰ্মাচীলৈ। কেৱল নামতহে চলি থকা মহকুমাটোৰ এনেবোৰ চিকিৎসালয় উপকেন্দ্ৰৰ অতি জৰুৰী দীৰ্ঘদিনীয়া অভাৱ সমস্যা সমূহৰ তাৎক্ষণিক সমাধান নহ'লে মৃত্যুমুখী চৰকাৰী বিভাগটোৰ অচিৰেই অৱশিষ্ট কনো উচন যোৱাটো নিশ্চিত।

অতি পৰিতাপৰ বিষয় যে এই ক্ষেত্ৰত নিবোকা চামোনৰ ভূমিকা পালি আহিছে বিধায়ক নৱ কুমাৰ দলেয়ে। গৃহ মহকুমাটোৰ এটা চৰকাৰী বিভাগৰ এনে বিধ্বস্ত অৱস্থা দূৰীকৰণত ৰাজনৈতিক ক্ষমতা প্ৰয়োগ নকৰি বহি আছে বিধায়ক দলে। কৃষক পশুপালকৰ প্ৰতি সমান্যতম দায়বদ্ধতা নথকা এইজন বেপৰোৱা বিধায়কৰ মৰটোপনিৰ বাবেই এটা গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগৰ এনে দূৰৱস্থা বুলি ভুক্তভোগী চহাই অভিযোগ উত্থাপন কৰিছে।

অন্যহাতে ঢকুৱাখনা সদৰত অৱস্থিত ৰাজ্যিক পশু ডিছপেনচেৰীখনত নিযুক্তি দিয়া হোৱা নাই পৰ্য্যাপ্ত চিকিৎসক আৰু ক্ষেত্ৰ বিষয়া । পশুপালক সকলৰ আশা ভৰসাৰ একমাত্ৰথলী এইখন চিকিৎসালয়ত কেইবা বছৰ ধৰি খালি হৈ পৰি আছে ৪টা ক্ষেত্ৰ সহায়কৰ পদ । চিকিৎসালয়খনত নিযুক্ত এগৰাকী মাত্ৰ চিকিৎসক আৰু এগৰাকী ক্ষেত্ৰ সহায়কেই বৃহত্তৰ এলেকাৰ পশু চিকিৎসাজনিত দিশটো তদাৰক কৰাৰ লগতে বানৰ কৰ্তব্যকে অন্যান্য দায়িত্ব অতিৰিক্ত ভাবে কৰিব লাগে ।

২০২১ চনৰ পিয়ল অনুসৰি মহকুমাটোৰ সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ৬৫ হাজাৰ আৰু ঢকুৱাখনা ৰাজহ চক্ৰৰ মুঠ ৮৫ হাজাৰ পশুধন আছে । প্ৰায় ১ লাখ ৫০ হাজাৰ পশুধন বিশিষ্ট মহকুমাটোত ৭খনকৈ চিকিৎসালয় উপ কেন্দ্ৰ বন্ধ হৈ থকাৰ পাছতো মৰ টোপনি ভগা নাই মন্ত্ৰী ,বিধায়ক আৰু জিলা বিষয়াৰ ।

লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাবেও দায়িত্ব প্ৰাপ্ত বিভাগীয় মন্ত্ৰী অতুল বৰা আৰু সোপাধিলা বিধায়ক নৱ দলেক এই জটিল সমস্যা সন্দৰ্ভত বহুবাৰ সংশ্লিষ্ট বিভাগে অৱগত কৰি আহিছে। পিছে এনেবোৰ অকমন্য মন্ত্ৰী বিধায়কৰ ইয়াৰ প্ৰতি ভ্ৰূক্ষেপ নাই। মহকুমাটোৰ ৰোগাক্ৰান্ত পশুধন সমূহক আওমৰণে বিনা চিকিৎসাই মাৰিবলৈ এৰি দি ৰং চোৱা কাণ্ডজ্ঞানহীন মন্ত্ৰী,বিধায়ক,আমোলাৰ এনে অবিবেচকী ভূমিকাই পশুপালক সকলক চিন্তিত কৰি তুলিছে । ভুক্তভোগী কৃষিজীৱী ৰাইজে মৃতপ্ৰায় বিভাগটো উজ্জীৱিত আৰু সক্ৰিয় কৰাত এনেবোৰ দায়িত্বশীল পক্ষৰ সময়োপযোগী পদক্ষেপ দাবী জনাইছে।

Also Read: কাৰ্যালয়ত প্ৰৱেশ কৰি কোম্পানীৰ MD আৰু CEO ক হানি-খুচি হত্যা প্ৰাক্তন কৰ্মচাৰীৰ

ATUL BORA