তিনিচুকীয়াত ২০২৩-২৪ বৰ্ষৰ নিৰ্বাচিত মেন্টীসকলৰ 'অভিৰোচন অনুষ্ঠান' সম্পন্ন

তিনিচুকীয়াত ২০২৩-২৪ বৰ্ষৰ নিৰ্বাচিত মেন্টীসকলৰ 'অভিৰোচন অনুষ্ঠান' সম্পন্ন

ডিজিটেল সংবাদ,তিনিচুকীয়া:- তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তথা শিক্ষা বিভাগৰ সহযোগত বৃহস্পতিবাৰে আৰোহন আঁচনিৰ অন্তৰ্গত ২০২৩-২৪ বৰ্ষৰ নিৰ্বাচিত মেন্টীসকলৰ সৈতে এক অভিৰোচন অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ গেলাপুখুৰীস্থিত সন্মিলন কেন্দ্রত আয়োজিত অনুষ্ঠানত জিলাখনৰ ১১৬ খন বিদ্যালয়ৰ অষ্টমৰ পৰা নৱম শ্ৰেণীলৈ প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে মেন্টী হিচাপে অংশগ্ৰহণ কৰে ।

জিলা আয়ুক্ত স্বপ্নীল পালে অনুষ্ঠানত উপস্থিত থাকি শিক্ষাৰ্থীসকলৰ সৈতে অন্তৰংগ-আলাপ কৰাৰ লগতে ভৱিষ্যতে এজন সফল ব্যক্তি তথা সু-নাগৰিক হ'বলৈ কিদৰে অহোপুৰুষাৰ্থ কৰিব লাগিব সেইবিষয়ে উপদেশ তথা পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। তেওঁ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক সৎ, কৰ্তব্যপৰায়ণ, আত্মবিশ্বাসী, শৃংখলাবদ্ধ আৰু স্বাস্থ্যৰ প্ৰতি সচেতন হ'বলৈ আহ্বান জনায় ।

আৰোহন আঁচনিখনে কিদৰে মেন্টীসকলক তেওঁলোকৰ শৈক্ষিক জীৱন সফলতাৰে আগুৱাই নিয়াৰ ক্ষেত্রত বৰঙনি যোগায় সেই বিষয়েও জিলা আয়ুক্তগৰাকীয়ে অনুষ্ঠানত উল্লেখ কৰে । অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অমৰজিৎ শইকীয়া । বন্তি প্ৰজ্বালনেৰে আৰম্ভ হোৱা অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত শ্ৰীমতী সোণতৃষ্ণা ঘৰফলীয়াই।

ইফালে অনুষ্ঠানৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীসকলে এক প্ৰদৰ্শনীত বিজ্ঞান ভিত্তিক আৰ্হি প্ৰদৰ্শন কৰে । আজিৰ অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত চিন্ময় পাঠক, নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়া, সহকাৰী আয়ুক্ত ক্ৰমে দীপাৱলী কুৰ্মী, বন্দিত গগৈ আৰু ভাস্কৰ পেগু, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাকে মুখ্য কৰি শিক্ষা বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

তিনিচুকীয়াত ২০২৩-২৪ বৰ্ষৰ নিৰ্বাচিত মেন্টীসকলৰ 'অভিৰোচন অনুষ্ঠান' সম্পন্ন
জন ফ'জেলৈ ২০২৩ চনৰ সাহিত্যৰ ন'বেল বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in