চোকা অস্ত্ৰৰে আক্ৰমণ, বন্ধুৰ হাতত প্ৰাণ গ'ল বাদুল মুড়াৰ

মঙলবাৰে নিশা তিনিচুকীয়াত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ৰবৰবাৰী গাঁৱৰ এজন লোকক চোকা অস্ত্রৰে হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা তিনিচুকীয়াত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ৰবৰবাৰী গাঁৱৰ এজন লোকক চোকা অস্ত্রৰে হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

Advertisment

মৃত লোকজনৰ নাম বাদলু মুড়া বুলি জানিব পৰা গৈছে। বন্ধু উমাকান্ত ভূঞা নামৰ লোকজনৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ। ঘটনাৰ পাছতে আৰক্ষী উপস্থিত হৈ গ্রেপ্তাৰ কৰে উমাকান্ত ভূঞাক।

আনহাতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বাদুলৰ মৃতদেহ। কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Also Read: মণিপুৰৰ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Assam police crime