তিনিচুকীয়াত ঘৰৰ ভিতৰতে শিৰচ্ছেদ পিতা-পুত্ৰক...

তিনিচুকীয়াত ঘৰৰ ভিতৰতে শিৰচ্ছেদ পিতা-পুত্ৰক...
তিনিচুকীয়াত ঘৰৰ ভিতৰতে শিৰচ্ছেদ পিতা-পুত্ৰক...

ডিজিটেল ডেস্কঃ পুনৰ আন এক জঘণ্য হত্যাকাণ্ড সংঘটিত হৈছে ৰাজ্যত। ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হোৱা সংঘাতৰ পৰিণতিত অপমৃত্য হ’ল পিতা-পুত্ৰৰ। এই ঘটনা সংঘটিত হৈছে তিনিচুকীয়াত।

এই হত্যাকাণ্ড আকৌ সংঘটিত  কৰিলে নিজ ভতিজাকে। জানিব পৰা মতে জিলাখনৰ লংছোৱালৰ ১২ নং আঠাই বস্তিত নিজ গৃহতে শিৰচ্ছেদ কৰি হত্যা কৰা হৈছে দুজনকৈ ব্যক্তিক।

দুই ব্যক্তি সম্পৰ্কত পিতা-পুত্ৰ। হত্যাৰ বলি হোৱা লোক দুজনৰ এজনৰ নাম সুৰেন মুড়া আৰু আনজনৰ নাম বাবলু মুড়া। ইয়াৰে বাবলু মুড়া সুৰেন মুড়াৰ পুত্ৰ।  

এই জঘন্য হত্যাকাণ্ডৰ মূল নায়ক গধ মুড়া। গধ মুড়া সম্পৰ্কত হত্যাৰ বলি হোৱা সুৰেন মুড়াৰ ভতিজা। তেওঁক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে।

প্ৰকাশিত খবৰ মতে এই গধ মুড়াই আন কেইবাজনো লোকৰ সহযোগত সংঘটিত কৰিলে এই হত্যাকাণ্ড। এই বিষয়ে তেওঁ ইতিমধ্যে স্বীকাৰ কৰিছে।

ইফালে এই ঘটনাৰ বিষয়ে জানিব পৰাত স্থানীয় লোকে আটাইকেইটা হত্যাকাৰীক কৰায়ত্ত কৰি ৰাজহুৱা শাস্তি প্ৰদান কৰে। ইয়াৰ পাছতে ডুমডুমা আৰক্ষীয়ে তেওঁলোকক আটক কৰে। 

তিনিচুকীয়াত ঘৰৰ ভিতৰতে শিৰচ্ছেদ পিতা-পুত্ৰক...
বিজেপি নেত্ৰীক ধৰ্ষণ কৰি হত্যা ! নিশা পেলাই থৈ গ'ল ৰাজপথত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in