বিজেপি নেত্ৰীক ধৰ্ষণ কৰি হত্যা ! নিশা পেলাই থৈ গ'ল ৰাজপথত...

বিজেপি নেত্ৰীক ধৰ্ষণ কৰি হত্যা ! নিশা পেলাই থৈ গ'ল ৰাজপথত...
বিজেপি নেত্ৰীক ধৰ্ষণ কৰি হত্যা ! নিশা পেলাই থৈ গ'ল ৰাজপথত...

ডিজিটেল ডেস্কঃ হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ'ল আন এক জঘণ্য হত্যাকাণ্ড। এইবাৰ হত্যাকাণ্ডৰ বলি হ'ল শাসকীয় বিজেপি দলৰে এগৰাকী নেত্ৰী।

গোৱালপাৰা জিলাৰ সক্ৰিয় বিজেপি কৰ্মী জোনালী নাথ নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। কৃষ্ণাইৰ শালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ হৈছে জোনালী নাথৰ মৃতদেহ।

দেওবাৰে নিশা উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ। ইফালে স্থানীয় লোকে সন্দেহ কৰিছে মহিলাগৰাকীক দুৰ্বৃত্তই ধৰ্ষণ আৰু হত্যা কৰি এইদৰে ৰাজপথত পেলাই থৈ গৈছে।

পৰৱৰ্তী সময়ত নিশাই কৃষ্ণাই আৰক্ষীয়ে জোনালী নাথৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায়। এই পৰ্যন্ত তেওঁক কোনে এইদৰে হত্যা কৰিলে সেই বিষয়ে জানিব পৰা হোৱা নাই।

আৰক্ষীৰ তদন্তৰ অন্তত হে সবিশেষ জানিব পৰা যাব। কিন্তু তেওঁক ধৰ্ষণ কৰি হত্যা কৰাৰ যি সন্দেহৰ সৃষ্টি হৈছে, সেই বিষয়টোৱে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। জিলা বিজেপি নেতৃত্বই এই ঘটনাৰ সঠিক তদন্তৰে দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে।

উল্লেখ্য যে, জোনালী নাথ গোৱালপাৰা জিলাৰ বিজেপিৰ সম্পাদিকা পদত আছিল। তেওঁৰ ঘৰ জিলাখনৰ মাটিয়াত।

বিজেপি নেত্ৰীক ধৰ্ষণ কৰি হত্যা ! নিশা পেলাই থৈ গ'ল ৰাজপথত...
চিৰাঙত শূন্য দুৰত্বৰ পৰা মহিলাক গুলীয়াই হত্যাৰ চেষ্টাঃ এজনক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in