/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c74ffca4-65ce-449f-993f-b840e769c01d/TINSUKIA_05.jpg)
তিনিচুকীয়াৰ ধৰ্ষিতা কিশোৰীৰ ফটো সামাজিক মাধ্যমত প্ৰচাৰঃ CIDত গোচৰ ৰুজুৰ নিৰ্দেশ...
ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ শিশু ধৰ্ষণকাণ্ডই জোকাৰি আছে ৰাজ্য। ইতিমধ্যে এই গোচৰত অভিযুক্ত আনন তাঁতী আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে। সমান্তৰালকৈ আৰক্ষীয়ে তেওঁৰ পত্নীকো গ্ৰেপ্তাৰ কৰি দুদিনৰ বাবে নিজৰ জিম্মাত লৈছে।
তাৰ মাজতে ৰাজ্যিক শিশু সুৰক্ষা আয়োগে চি আই ডিলৈ প্ৰেৰণ কৰিছে এখন বিশেষ পত্ৰ। পত্ৰখনৰ জৰিয়তে এই ধৰ্ষণকাণ্ডৰ ভুক্তভোগী ১২ বছৰীয়া কিশোৰীগৰাকীৰ ফটো আৰু নাম ৰাজহুৱাকৈ প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ পাছতে একাংশ লোকে আত্মপ্ৰচাৰ, অত্যুৎসাহ আৰু ফেচবুকত অত্যাধিক লাইক, শ্বেয়াৰ পোৱাৰ আশাত ভুক্তভোগী কিশোৰীগৰাকীৰ ফটো আৰু নাম সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। এই কাৰ্যত খৰ্গহস্ত হৈ পৰিছে ৰাজ্যিক শিশু সুৰক্ষা আয়োগ।
আয়োগে শীঘ্ৰেই এনে প্ৰচাৰত লিপ্ত হোৱা লোকসকলৰ বিৰুদ্ধে POCSO আইনৰ আধাৰত গোচৰ ৰুজু কৰিবলৈ চি আই ডিক নিৰ্দেশ প্ৰদান কৰিছে। এই নিৰ্দেশনাই এতিয়া বহু ফেচবুক ব্যৱহাৰকাৰীক যে বিপদত পেলাব সেয়া নিশ্চিত।
ইফালে তিনিচুকীয়া আৰক্ষীয়ে আজি এই ধৰ্ষণকাণ্ডৰ সন্দৰ্ভত অভিযুক্ত অনন তাঁতীৰ পত্নী গংগা তাঁতী ওৰফে মিনিক গ্ৰেপ্তাৰ কৰি দুদিনৰ বাবে নিজৰ জিম্মাত লৈছে। গংগা তাঁতীয়ে আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল।
এই সন্দৰ্ভত মাৰ্ঘেৰিটাৰ এছ ডি পি অ' হেমন্ত কুমাৰ বড়োৱে কয় যে, আমি অভিযুক্ত অনন তাঁতীৰ পত্নীক আৰক্ষীক বিপথে পৰিচালিত কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছো। অধিক তদন্তৰ বাবে নিজৰ জিম্মাত লৈছো। এই ঘটনাৰ সৈতে আন কোনোবাও যদি জড়িত আছে তেওঁলোককো আইন অনুসৰি শাস্তি প্ৰদান কৰা হ'ব।
ইফালে অনন তাঁতীৰ পুত্ৰও এই পৰ্যন্ত পলাতক হৈ আছে। ধৰ্ষণকাণ্ডৰ অভিযুক্ত অনন তাঁতীৰ বিৰুদ্ধে POCSO আইনৰ অধীনত আই পি চিৰ ছেকশ্যন ৬ ৰ অধীনত ২০১, ৩০২ আৰু ৩৭৬ ধাৰা সন্নিৱিষ্ট কৰি গোচৰ ৰুজু কৰা হৈছে।