/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
লোৰ গেট পৰি কৰুণ মৃত্যুক সাৱটি ল'লে শিশুৱে...
ডিজিটেল ডেস্কঃ পাঠশালাত সংঘটিত হৈছে এক কৰুণ ঘটনা। লোৰ গেট পৰি মৃত্যু হ'ল এটি শিশুৰ। পাঠশালাৰ পূব দেনাৰট্টাৰীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।
এই দুৰ্ঘটনাত নিহত হোৱা শিশুটিৰ নাম পীযুষ প্রতিম কৰ। জানিব পৰা মতে ঘৰত খেলি থকা সময়তে এই ঘটনা সংঘটিত হয়। হঠাৎ ছিগি পৰিল নিৰ্মিয়মাণ লোৰ গেটখন।
কৰুণ মৃত্যুক সাৱটি লোৱা শিশুটিৰ চি আৰ পি এফৰ জোৱান কল্যাণ কৰৰ একমাত্ৰ পুত্ৰ আছিল। নিহত পীযুষ আছিল পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্র।
Also Read: 'NIA ৰ আদালতে শুনানিৰ নামত প্ৰাক্তন NDFB ক চলাইছে মানসিক হাৰাশাস্তি'-এবছু
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us