তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰস্তাৱিত ভৱনৰ লাইখুঁটা স্থাপন

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰস্তাৱিত ভৱনৰ লাইখুঁটা স্থাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰস্তাৱিত ভৱনৰ লাইখুঁটা স্থাপন

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ২০২২-২৩ বৰ্ষৰ সাংসদ পুঁজিৰ ২০ লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া ৰাজ্যখনৰ ভিতৰত এটি পুৰণি সাংবাদিক অনুষ্ঠান তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ স্থায়ী ভৱনৰ লাইখুঁটা দেওবাৰে আনুষ্ঠানিকভাৱে তিনিচুকীয়া জিলা উপায়ুক্ত স্বপ্নীল পালে স্থাপন কৰে । তিনিচুকীয়াৰ বৰগুৰিত চৰকাৰী আৱণ্টিত ভূমিত নিৰ্মাণ হ'বলগীয়া ভৱনটিৰ লাইখুঁটা স্থাপনৰ অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক জিতেন শৰ্মাই।

Advertisment

উল্লেখ্য যে - ১৯৭৫ চনৰ ৩০ নবেম্বৰত প্ৰতিষ্ঠিত এই অনুষ্ঠানটি অসম বাৰ্তাজীৱী সংঘৰ অন্তভুক্ত। কাকপথাৰ, তিনিচুকীয়া, ডিগবৈ, শদিয়া, ডুমডুমা, ছৈখোৱা, জাগুন প্ৰেছ ক্লাব আৰু মাৰ্ঘেৰিটা সাংবাদিক সংস্থা - এই আঠটা ক্লাবকলৈ তিনিচুকীয়া জিলা সাংবাদিক সন্থা গঠিত। আটাইকেইটা ক্লাবৰে সদস্যক লৈ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সদস্য সংখ্যা ১০০ৰো অধিক। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰস্তাৱিত ভৱনৰ লাইখুঁটা স্থাপন আৰু বিভিন্ন পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ সাংবাদিক সতীৰ্থৰ কৃৰ্তীমান সন্তানলৈ চিৰঞ্জীলাল গোয়েল আৰু সাৰদা দেৱী গোয়েল সোঁৱৰণী বিশেষ সম্বৰ্ধনা অনুষ্ঠান উপলক্ষে তিনিচুকীয়া জিলা পৰিষদৰ সভাকক্ষত এখনি সভাও অনুষ্ঠিত হয়।

জিলাৰ প্ৰতিষ্ঠাপক সম্পাদক জিতেন শৰ্মা আৰু জিলা সভাপতি ড° ঋষি দাসৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনৰ আঁ‌ত ধৰে তথা উদ্দেশ্যে বাখ্যা কৰে জিলা সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে । নিজ উদ্দেশ্যে বাখ্যাত স্বৰ্ণজয়ন্তী বৰ্ষৰ প্ৰাকক্ষণত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ স্থায়ী গৃহ হ'বলৈ যোৱাটো এক শুভমুহুৰ্ত আৰু লাইখুটা স্থাপনৰ দিনটোক ঐতিহাসিক দিন বুলি অভিহীত কৰে। ভৱনটো নিৰ্মাণৰ বাবে পুঁজি আৱণ্টন দিয়া সাংসদ পবিত্ৰ মাৰ্ঘেৰিটালৈ সাংবাদিক সন্থাৰ হৈ নেওগে কৃতজ্ঞতা জ্ঞাপন কৰে। সভাখনত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত স্বপ্নীল পালে সাংবাদিক প্ৰশাসন একত্ৰিত হৈ সমাজ গঠনত আগবাঢ়ি যাব লাগিব বুলি কয়। নিদিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ৰাণা চাংমাইয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।

জিলাখনৰ বিভিন্ন প্ৰেছ ক্লাবৰ অৰ্ধশতাধিক সদস্য তথা বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনত অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মাই অতিথি ৰূপে অংশগ্ৰহণ কৰি তিনিচুকীয়া জিলাৰ সাংবাদিকসকলৰ ভূমিকাক প্ৰশংসা কৰে । সভাত তিনিচুকীয়া কলেজৰ অধ্যক্ষ সূৰ্য চুতীয়া তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি অমুল্য খাটনীয়াৰ, প্ৰাক্তন উপ- সভাপতি ধীৰেন ডেক, শান্তনু গোস্বামী প্ৰাক্তন সাধাৰণ সম্পাদক সৰোজ গোঁহাই, মনোজ দত্ত বিশিষ্ট লেখক ৰঞ্জন চৌধুৰী জ্যেষ্ঠ সাংবাদিক হুচেইন খান তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই অঃজাঃযুঃছাঃপঃৰ কেন্দ্ৰীয় সহঃ সম্পাদক সুৰজিৎ মৰাণ জিলা সভাপতি সোনমণি চলিহা সদৌ অসম ভোজপুৰী পৰিষদৰ সভাপতি কৈলাশ গুপ্তা সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ মটক যুৱ ছাত্ৰ সন্মিলনৰ কিৰণ ৰাজখোৱা ৰে'লৱেজ ইউনিয়নৰ সহঃ সম্পাদক পুলক কুমাৰ গগৈ প্ৰাক্তন পৌৰপতি জয়ন্ত বৰুৱা আদি বহু বিশিষ্ট ব্যক্তি বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ।

সভাত সাংবাদিক সতীৰ্থৰ কৃতীমান সন্তান হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ গৰীয়সী মৰাণ, হাৰ্দিক গোয়েল, সাৰঙ্গ বিজয় দত্ত, স্বতিকা ফুকন, ৰোহন কুমাৰ সিং উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উৰ্ত্তীণ মনালী দত্ত, মদালসা ৱৈৰাগিনী, মৈত্ৰেয়ী শইকীয়া, হিমাংশু তাঁতী অন্যান্য চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্তীৰ্ণ প্ৰেৰণা ভৌমিক প্ৰীতি চাহু, আকাংক্ষা গোস্বামী, তানিসা দেৱ, বাবলী তালুকদাৰ, আদিক চিৰঞ্জীলাল আৰু সাৰদা গোয়েল সোঁৱৰণী শৈক্ষিক বটাৰে সন্মানীত কৰা হয় । উল্লেখ্য যে একাংশ কৃতীমান ছাত্ৰ-ছাত্ৰী সভাত উপস্থিত নথকাত পিতৃ -মাতৃৰ হাতত বঁটাসমূহ প্ৰদান কৰা হয়।

Also Read: "সংগীত কানন"ৰ ৰূপালী জয়ন্তী উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান

press club