/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/bceab829-28cb-4c97-8ec8-feefb794ac7d/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ নিকটৱৰ্তী বৃহত্তৰ ৰাইডঙীয়া অঞ্চলত বিগত ২৫ বছৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত সংগীত নৃত্য কলাৰ প্ৰশিক্ষণ দি অহা ভাতখাণ্ডেৰ অধীনৰ শিক্ষানুষ্ঠান "সংগীত কানন"ৰ ৰূপালী জয়ন্তী উপলক্ষে দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। পুৱা ৯ বজাত সৌৰভ শাখা সভাৰ প্ৰাক্তন সভাপতি ধীৰচিং পাটৰে পতাকা উত্তোলন কৰাৰ লগতে বিশিষ্ট নিবন্ধকাৰ মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈয়ে স্মৃতি তৰ্পন কৰি দিনটোৰ কাৰ্যসূচী শুভাৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/80f20c63-734c-4348-ad9a-efe2f9cbcd0a/8963cb3f_b61e_4676_b365_245bcead7be1.jpg)
বিয়লি ৩ বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই "সংগীত কানন"ৰ ৰূপালী জয়ন্তী উপলক্ষে সন্ধিয়া সাংস্কৃতিক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এটি মনোমোহা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সাংস্কৃতিক অনুষ্ঠানটি শুভ উদ্বোধন কৰে কনচেপ্ট জুনিয়ৰ কলেজৰ শিক্ষক প্ৰফুল্ল বৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/da026554-f668-4e0c-a514-a730e1f517f9/7514fa4d_5c11_4cd1_b968_22887332f6f4.jpg)
কবিন পাটৰে আঁত ধৰা অনুষ্ঠানটিত সংগীত কাননৰ পৰিচালক সপোন ভূঞা, সমাজকৰ্মী ক্ৰমে দিলীপ কুমাৰ বৰা, লাচিত বৰদলৈ, নৱকমল ৰাজা, শিক্ষক-শিল্পী বুধেন চন্দ্ৰ বৰা, শংকৰ জ্যোতি শৰ্মা, দিপান্বিতা গোস্বামী, যতীন পাটৰ, মুন ভূঞা, পংকজ পাঠককে আদি কৰি ৫শতাধিক লোক উপস্থিত থাকে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত "সংগীত কানন"ৰ ছাত্ৰ-ছাত্ৰীসকলে বৰগীত, তবলাৰ লহৰা, সমবেত সংগীত, ভূপেন্দ্ৰ সঙ্গীত, অসমীয়া চিৰযুগমীয়া গীত, সত্রীয়া নৃত্য, বিহু নৃত্য, কবিতা আবৃত্তি আদি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰে।
Also Read: যোৰহাটত ৩০ সংখ্যক আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতা