/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4c270bf1-aaca-4b53-9709-329561d093c3/Tin_JJM.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ চাহ বাগিচাসমূহত ৰূপায়ন হৈ থকা কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ বিপৰীতে ভয়ংকৰ দুৰ্নীতি-অনিয়ম সংঘটিত হোৱা বুলি ৰাজহুৱা অভিযোগ উঠিছে। আঁচনিসমূহ ৰূপায়নত ঠিকাদাৰে লুণ্ঠনৰ প্ৰতিযোগিতাত নমাত আঁচনিখনৰ পৰা চাহ শ্রমিক ৰাইজ কিমানদূৰ উপকৃত হ'ব তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।
প্ৰাপ্ত অভিযোগ অনুসৰি ১২৫ নং ডুমডুমা বিধানসভা সমষ্টিৰ বৰডুবি পঞ্চায়তৰ বাদলাবেটা চাহ বাগিচাৰ বকপাৰা পালং লাইনত ৰূপায়ন হৈ থকা জল জীৱন আঁচনিৰ বিপৰীতে ঠিকাদাৰে অনিয়মত লিপ্ত হৈছে। কোটিটকীয়া এই প্ৰকল্পটো ৰূপায়নৰ নামত ঠিকাদাৰ লুণ্ঠনৰাজ চলোৱা বুলি স্থানীয় ৰাইজে অভিযোগ প্ৰকাশ কৰে। পালং লাইনৰ এই আঁচনিত পানীযোগান ধৰা পাইপসমূহ কদৰ্য তথা লেতেৰা নলাইদি হিতাধিকাৰীৰ ঘৰত সংযোগ স্থাপন কৰাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এনে প্ৰেক্ষাপটত ৰাইজে বিশুদ্ধ খোৱাপানী সেৱনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনাই দেখা দিছে।
বিভাগীয় নীতি-নিৰ্দেশনা অনুসৰি প্ৰায় ৩/৪ ফুট দকৈ গাঁত খান্দি পাইপসমূহ পুতিব লাগে যদিও তাকে নকৰি ঠিকাদাৰে লাইনৰ পুৰণি নৰ্দমাত পাইপসমূহ বিস্তাৰিত কৰি তথা ইবিলাক জাৱৰ-জোথৰেৰে ঢাকি অনিয়মত লিপ্ত হৈছে। ইয়াৰ উপৰিও শ্ৰমিকৰ ঘৰে ঘৰে পানী যোগান ধৰা পোষ্টসমূহ ( Water post ) অতি নিম্নমানদণ্ডৰে নিৰ্মাণ কৰাত আঁচনি সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ভাঙি নষ্ট হোৱা দেখা গৈছে।
এনেবোৰ বিসংগতি বাদলাবেটা চাহ বাগিচাৰ বকপাৰা ডিভিজনৰ তিনি নং লাইন, নাগাকাটা, কালাহান্দি, ৰাঁচি লাইনতো সংঘটিত হোৱা বুলি ৰাইজৰ অভিযোগ। তিনিচুকীয়া জিলাৰ প্ৰায়বোৰ চাহ বাগিচাত ভাৰত চৰকাৰৰ এই অভিলাষী আঁচনিৰ প্ৰকল্প ৰূপায়নত এচাম ঠিকাদাৰে লুণ্ঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা বুলি সচেতন ৰাইজে দাবী কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জন-প্ৰতিনিধিয়ে এই বিষয়ত চকুমুদা কুলিৰ ভাওঁ ধৰা বুলিও অভিযোগত স্থানীয় ৰাইজৰ।
Also Read: অবৈধ সুৰাৰ বিৰুদ্ধে তিনিচুকীয়া আবকাৰীৰ অভিযানঃ জব্দ বুজন পৰিমাণৰ অৰুণাচলী সুৰা