/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/2be9d35e-1d4f-43c1-b4a5-ec2d168c02ac/Tin.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ গাঁৱে-ভূঞে, চহৰে-নগৰে অৰুণাচলী সুৰাৰ এক বৃহৎ বজাৰ গঢ়ি উঠিছে। অসমৰ সুৰাৰ তুলনাত অৰুণাচলী সুৰাৰ মূল্য কম হোৱাত সুৰা ব্যৱসায়ীয়ে অবৈধ পন্থাৰে অৰুণাচলী সুৰাৰ ব্যৱসায়ত নামি ৰাতিটোৰ ভিতৰতে ধনী হোৱাৰ প্ৰতিযোগিতাত নামিছে।
অৰুণাচলী সুৰাৰ বটলত অসমৰ লেবেল লগাই বহিঃৰাজ্যলৈ গাড়ীয়ে গাড়ীয়ে এই সুৰা সৰবৰাহ কৰি আহিছে। যাৰবাবে তিনিচুকীয়া জিলা আয়ুক্তই অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিবলৈ আৰক্ষী আৰু আবকাৰী বিভাগক নিৰ্দেশ দিয়ে। আৰু বৃহস্পতিবাৰে তিনিচুকীয়া সদৰ আবকাৰী আৰু ডুমডুমা আবকাৰীৰ এটা বৃহৎ দলে জিলাখনৰ অৰুণাচল সীমান্তৱৰ্তী কৈলাসপুৰ আৰু টঙনাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায়।
অভিযানত প্ৰায় ২লাখ ২২হাজাৰ টকা মূল্যৰ অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে ভুৱা লেবেল আৰু হ'ল'গ্ৰাম উদ্ধাৰ কৰে। দলটোৱে বিভিন্ন ব্ৰেণ্ডৰ মুঠ ৭১ কেচ অৰুণাচলী সুৰা, ৫৬ শ্বীট ভুৱা লেবেল আৰু ১২ ভুৱা হ'ল'গ্ৰাম জব্দ কৰা বুলি এক বিবৃতিত উল্লেখ কৰাৰ লগতে অনাগত দিনতো অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি সদৰি কৰে ৷
Also Read: জ্যেষ্ঠ নাগৰিকৰ সৈতে মন্ত্ৰী পিযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ আলোচনা