তিনিচুকীয়াত শিলাবৃষ্টি : উচন শাকনিবাৰী, ব্যাহত যাতায়ত...

ৰাজ্যত বিগত দুদিনত ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সমান্তৰাল ভাৱে উজনিত ধুমুহা তথা শিলাবৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত শিলাবৃষ্টি : উচন শাকনিবাৰী, ব্যাহত যাতায়ত...

ডিজিটেল ডেস্ক : ৰাজ্যত বিগত দুদিনত ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সমান্তৰাল ভাৱে উজনিত ধুমুহা তথা শিলাবৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে। শণিবাৰে নিশাও ৰাজ্যৰ কেইবাখনো ঠাইৰ লগতে তিনিচুকীয়াত শিলাবৃষ্টি হয়। নিশা প্ৰায় ১০.৩০ বজাৰ পৰা হোৱা শিলাবৃষ্টিত অঞ্চলটোৰ কেইবাখনো ঠাইৰ বিষ্টৰ ক্ষতি সাধন হোৱাৰ খবৰ আহি পৰিছে।

Advertisment

খবৰ অনুসৰি তিনিচুকীয়াৰ টাউন অঞ্চলকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰচণ্ড শিলাবৃষ্টি হোৱাৰ ফলত বহুলোকৰ শাক-পাচলিৰ খেতি উচন হয়। তদুপৰি কেইবাটাও পৰিয়ালৰ ঘৰৰ টিন ফুটাই ক্ষতি সাধন কৰাৰ ফলত এতিয়া মাজ নিশা হাহাকাৰ অৱস্থা সৃষ্টি হৈছে। শিলাবৃষ্টিৰ সমান্তৰাল ভাৱে অহা ধুমুহাত গছ বাগৰি পৰাত বিদ্যুৎ বিচ্ছিন্ন তথা যাতায়ত ব্যাহত হৈ পৰিছে।

Also Read: বিহু মঞ্চত জিতুল সোণোৱাল ইন,পাপন আউট...

GOVT OF ASSAM thunderstorm