বিহু মঞ্চত জিতুল সোণোৱাল ইন,পাপন আউট...

এইবাৰ বিহু মঞ্চত নাই পাপন। পিছে কিয় ? এই প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া অনুৰাগীৰ মাজত হাহাকাৰ পৰিস্থিতি...
বিহু মঞ্চত জিতুল সোণোৱাল ইন,পাপন আউট...

ডিজিটেল ডেস্ক : ৰাজ্যত অব্যাহত আছে ৰঙালীৰ উৎসাহ। ৭ বিহুৰ সমাপ্তি হ'ল যদিও নিজা পৰম্পৰা অক্ষুন্ন ৰাখি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে মঞ্চ বিহু তথা ৰঙালী সন্মিলন। সন্মিলনবোৰ আৰম্ভ হয় বিহুৰ বিভিন্ন প্ৰতিযোগিতাৰে। কি বিহু নাম প্ৰতিযোগিতা, বিহুৱতী প্ৰতিযোগিতা, ঢোল বাদন প্ৰতিযোগিতা, পেঁপা বাদন প্ৰতিযোগিতা সকলো সামৰি মঞ্চ বিহুয়ে স্থান পাই সমগ্ৰ ব'হাগ মাহটো।

এই মঞ্চ বিহুবোৰৰ আন এক পৰম্পৰা যেন এতিয়া সাংস্কৃতিক সন্ধিয়া। আৰু সাংস্কৃতিক সন্ধিয়া মানেই জনপ্ৰিয় কোনো শিল্পীৰ দ্বাৰা মঞ্চত গীত পৰিৱেশন। এই পৰম্পৰাৰ বাবেই ৰাজ্যৰ প্ৰতিগৰাকী শিল্পী ব্যস্ত হৈ পৰে ব'হাগ মাহটোত। ব'হাগত সময় নাই অসমৰ শিল্পীৰ। ইখনৰ পিছত সিখন মঞ্চ কঁপাবলৈ দুই তিনি মাহৰ আগৰ পৰাই তালিকা প্ৰস্তুত হয় অসমৰ প্ৰতিগৰাকী শিল্পীৰ।

এই তালিকাত পোনতেই স্থান পাই জুবিন, পাপনকে আদি কৰি অসমৰ আগশাৰীৰ শিল্পী সকলে। জুবিনে স্বাস্থ্যজনিত কাৰণত এইবাৰ কম কৈ মঞ্চত উপস্থিত থাকিব, এই কথা বিহুৰ আগতেই প্ৰকাশ পাইছিল। পিছে পাপন যে বিহু মঞ্চত নাথাকিব সেইয়া হয়তো অসমৰ কোনো পাপন অনুৰাগীয়ে কল্পনাও কৰা নাছিল।

ঠিকেই এইবাৰ বিহু মঞ্চত পাপন নাই! উকা উকা বহু বিহু মঞ্চ। বহুতেই হয়তু ভাবিছিল তেওঁলোকৰ এলেকাতহে পাপনৰ অনুষ্ঠান নাই, টেলিভিচনৰ পৰ্দাত পাপনে অন্য স্থানত অনুষ্ঠান কৰাকে উপভোগ কৰিব অনুৰাগীয়ে। পিছে এইবাৰ নাই যি নাই এখন মঞ্চতো নাই পাপন। সাত বিহু পাৰ হ'ল কিন্তু এতিয়ালৈ এখনো বিহুমঞ্চত অনুষ্ঠান কৰা নাই পাপনে।

আনহাতে এইবাৰ দীৰ্ঘদিনৰ বিৰতিৰ পাছত মঞ্চত দেখা গ'ল জিতুল সোণোৱালক। একালত অসমৰ গাঁৱে-ভূঞে গীতেৰে ৰজনজনাই থকা জিতুল সোণোৱাল উভতিল মঞ্চলৈ। জুবিনৰো বিহুমঞ্চত আগমন ঘটাইছে তাহানিৰ অনামিকাক। ন-পুৰণি গীতৰ সমাহাৰেৰে পুনৰ তাহানিৰ জুবিন হৈ মঞ্চত উজ্বলিছে তেওঁ। কি মায়া, কি মনলৈ উভতি আহে ল'ৰালি; সকলো নিজস্ব শৈলীৰে পৰিৱেশন কৰিছে জুবিনে। পিছে মঞ্চ বিহুত পাপনহে হেৰাল।

অনুৰাগীৰ প্ৰশ্ন কিয় মঞ্চত নাই পাপন ? ব্যস্ততা নে দৰ বাঢ়িল ? নে বিহু সমিতিয়ে আমন্ত্ৰণ নজনালে পাপনক ? প্ৰকৃত উত্তৰত পাপনে মত প্ৰকাশ কৰা নাই যদিও একাংশ বিহু সমিতিয়ে দাবী কৰা অনুসৰি এইবাৰ দৰ বাঢ়িল পাপনৰ। বলিউডৰ ব্যস্ততাৰ বাবে পাপন অসমত উপস্থিত নাই যদিও দুই এখন বিহু সমিতিয়ে পাপনক যোগাযোগ কৰাত এইবাৰ পাপনে অনুষ্ঠান পৰিৱেশন কৰাৰ মূল্য ১৬ লাখ পৰ্যন্ত নিৰ্ধাৰণ কৰে বুলি দাবী কৰে।

বলিউডৰ জগতত নিজৰ ব্যস্ততা বঢ়াৰ বাবেই হয়তু পাপনে অসমক সময় দিব নোৱাৰিল। যাৰ বাবে তেওঁৰ দৰও বৃদ্ধি কৰিছে। পিছে কাৰণ যিয়ে নহওঁক কিয় পাপনক বিহুৰ মঞ্চত নাপাই যে একাংশ অনুৰাগীৰ যে বেজাৰ, সেই কথা সামাজিক মাধ্যমৰ পৰা জানিব পাৰি। উল্লেখ্য যে, এইবাৰ কোনো হিংসা বিদ্বেগ নোহোৱাকৈ পাৰ হ'ল বিহু। যি খুবেই ইতিবাচক। উশৃংখলতা পৰিহাৰ কৰি সালিনতা বজাই ৰাখি পাৰ হোৱা বিহুয়ে এইবাৰ সঁচা অৰ্থত অসমীয়াক বিহুৰ ন-সোৱাদ দিলে।

বিহু মঞ্চত জিতুল সোণোৱাল ইন,পাপন আউট...
গোলাঘাটৰ মৌখোৱাত ঈদ পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in