তিনিচুকীয়াত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ-সভাপতিৰ মৃত্যু

তিনিচুকীয়াত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ-সভাপতিৰ মৃত্যু

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ বুধবাৰে তিনিচুকীয়াত বিজেপিৰ প্ৰচাৰ অভিযানৰ মাজতে সংঘটিত হয় এক অঘটন ৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে মানৱ কল্যাণ পূজা ভৱনত আয়োজন কৰা এক সভাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি বাৰিক আহমেদ হঠাৎ পকী মজিয়াত ঢলি পৰে ৷ তেওঁক ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

উল্লেখ্য যে আজি বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ তিনিচুকীয়া জিলাত উপস্থিত হয় ভোজপুৰী বোলছবি জগতৰ অভিনেতা তথা সাংসদ মনোজ তিৱাৰী৷ পুৱা তেওঁ ডিব্ৰুগড় বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত ডুমডুমাৰ এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰি বিয়লিলৈ ইয়াৰ মানৱ কল্যাণ পূজা ভৱনত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ কথা আছিল তিৱাৰীৰ৷ ইফালে বিজেপিৰ দলীয় কৰ্মীসকলে মানৱ কল্যাণ পূজা ভৱনত সভাৰ আয়োজনৰ লগতে মনোজ তিৱাৰীৰ আগমনক লৈ আনন্দত মতলীয়া হৈ থকাৰ সময়তে বাৰিক আহমেদ(৫২) নামৰ বিজেপিৰ কৰ্মীজন ঠাইতে ঢলি পৰে ৷

তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও আকস্মিকভাৱে মৃত্যুক সাৱতি লয়৷ তেওঁৰ মৃত্যুত জিলা বিজেপিয়ে শোক প্ৰকাশ কৰিছে ৷ বিজেপিৰ জিলা সমিতিৰ সম্পাদক পুলক চেতিয়াই কয় যে বাৰিক এজন নিষ্ঠাৱান দলীয় কৰ্মী আছিল ৷ উল্লেখ্য যে বাৰিক আহমেদৰ পিতৃগৃহ গুৱাহাটীৰ নুনমাটিত ৷ ইহসংসাৰত পত্নীসহ পুত্ৰ আৰু কন্যাক এৰি থৈ যোৱা বাৰিক আহমেদৰ আকস্মিক মৃত্যুত মনোজ তিৱাৰীয়েও গভীৰ শোক প্ৰকাশ কৰিছে ৷

তিনিচুকীয়াত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ-সভাপতিৰ মৃত্যু
গ্ৰন্থ আৰু বাণিজ্য মেলাত ব্যস্ত সোনাৰী চাপৰি ট্ৰাইবেল হাইস্কুলৰ শিক্ষাৰ্থী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in