/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/dff6d1bc-dd45-47a1-aced-362e255dcd1a/8.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ নঙলা মুখত হেঁপাহৰ ৰঙালী বিহু। অসমীয়াৰ বাপতি সাহোন এই ৰঙালী বিহুৰ প্ৰাক ক্ষণত ঢকুৱাখনাৰ এখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকল ব্যস্ত হৈ পৰিছে বাণিজ্য আৰু গ্ৰন্থ মেলাৰ আয়োজনত। মহকুমাটোৰ বৰদলনী শিক্ষা খণ্ডৰ সোণাৰি চাপৰি ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গ্ৰহণ কৰা হৈছে এই ব্যতিক্ৰমী পদক্ষেপ।
অঞ্চলটোৰ অগ্ৰণী শিক্ষানুষ্ঠানখনৰ ইন'ভেচন আৰু কমিউনিটি হাবৰ উদ্যোগত বিদ্যালয়ৰ বিদ্যাৰ্থীসকলৰ জৰিয়তে অনুস্থিত কৰা হৈছে এই বাণিজ্য আৰু গ্ৰন্থ মেলাৰ৷ ইয়াৰ লগতে সংগতি ৰাখি মঙলবাৰ আৰু বুধবাৰে অনুস্থিত কৰা চিত্ৰাংকন, কবিতা আবৃত্তি, আধুনিক নৃত্য আৰু বিহু নৃত্য প্ৰতিযোগিতাত শিক্ষা খণ্ডটোৰ অন্তৰ্গত সোণাৰি চাপৰি আৰু কেকুঁৰিৰ ৪টা মণ্ডল সমল কেন্দ্ৰৰ শিক্ষাৰ্থীসকলেও উৎসাহৰে অংশ গ্ৰহণ কৰি পৰিবেশ জীপাল কৰি তোলে ৷
সোণাৰি চাপৰি ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাঙ্গনত অনুস্থিত বানিজ্য আৰু গ্ৰন্থ মেলাৰ গ্ৰন্থ বিপনীসমূহত ভিন্ন ধৰ্মী গ্ৰন্থৰ সন্ধান কৰে শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱক আৰু পাঠকসকলে ৷ স্থানীয় ক্রেতা ৰাইজৰ লগতে বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীয়েও সুস্বাদু খাদ্য, থলুৱা উৎপাদিত খাদ্য শাক-পাচলিৰে ভৰুণ বাণিজ্য মেলাত প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ বাবে ভিৰ কৰা দৃষ্টিগোচৰ হয় ৷
Also Read: চিলাপথাৰত বান খহনীয়াৰ পৰা সুৰক্ষা বিচাৰি গংগা পূজাৰ আয়োজন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us