মটক ৰজা সৰ্বানন্দ সিংহৰ পুণ্যতিথিত পূর্ণাংগ প্রতিমূর্তি উন্মোচন সর্বানন্দ সোণোৱালৰ

মটক ৰজা সৰ্বানন্দ সিংহৰ পুণ্যতিথিত পূর্ণাংগ প্রতিমূর্তি উন্মোচন সর্বানন্দ সোণোৱালৰ

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ মটক ৰজা সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক পুণ্যতিথি উপলক্ষে শুকুৰবাৰে তিনিচুকীয়াত মটক ৰাজবংশ উন্নয়ন সমিতিৰ উদ্যোগত আৰু সদৌ অসম মটক সম্মিলনৰ সহযোগত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে অংশগ্রহণ কৰে আৰু স্বৰ্গদেউজনাৰ এটা পূর্ণাংগ প্রতিমূর্তি উন্মোচন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মটক ৰজা সৰ্বানন্দ সিংহৰ কৰ্মৰাজি আৰু জীৱন পৰিক্ৰমা সামৰি সোণোৱালে ভাষণ প্ৰসংগত কয়, "প্রথিতযশা মটক স্বৰ্গদেউ সর্বানন্দ সিংহদেৱে কর্মচেতনা, ভাতৃত্ববোধ আৰু সুশাসনৰ জৰিয়তে এখন আদর্শ সমাজ গঢ়াৰ পথ প্রশস্ত কৰি থৈ গৈছে। তেখেতে বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বিভিন্ন প্রজাহিতকৰ পদক্ষেপ গ্রহণ কৰিছিল আৰু সমন্বয়ৰ সঞ্চাৰ কৰিছিল। বেংমৰাত অৰ্থাৎ এতিয়াৰ তিনিচুকীয়াত ৰাজধানী পাতি সর্বানন্দ সিংহই ইতিহাসৰ পাতত স্বর্ণিল আখৰেৰে নাম লিপিবদ্ধ কৰি থৈ গৈছে। তেখেতৰ বীৰত্ব, অদম্য সাহস, নেতৃত্ব আৰু স্বদেশ-স্বজাতিৰ প্ৰতি থকা দায়বদ্ধতাই মটক জনগোষ্ঠীৰ লগতে অসমীয়া জাতিক উদ্বুদ্ধ কৰি আহিছে। দেশৰ হকে, জাতিটোৰ হকে সমর্পিত সেৱা আগবঢ়াই যাবলৈ স্বৰ্গদেউৰ আশিস আমাৰ শিৰত সদায় বিৰাজমান হৈ থাকক, তাৰেই কামনা কৰিলোঁ।"

সোণোৱালে লগতে কয়, "মটক জনগোষ্ঠী অসমৰ এটি শক্তিশালী জনগোষ্ঠী। অসমৰ জাতীয় জীৱনৰ প্রতিটো গুৰুত্বপূৰ্ণ দিশতে জনগোষ্ঠীটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সর্বানন্দ সিংহৰ মহৎ আদর্শ আৰু অতুলনীয় কৰ্মৰাজিক সাৰোগত কৰি মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ অমৃতকালত এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্পক বাস্তৱায়িত কৰাৰ দিশত সক্রিয় ভূমিকা ল'বলৈ মটক জনগোষ্ঠীৰ লোকসকলক আহ্বান জনালোঁ। বিভিন্ন জাতি-জনগোষ্ঠী শক্তিশালী হোৱা মানেই অসম শক্তিশালী হোৱা আৰু অসম শক্তিশালী হোৱা মানেই ভাৰত শক্তিশালী হোৱা। অতীতক নাযাবা পাহৰি- এই কথাষাৰ আমি মর্মে মর্মে উপলব্ধি কৰিব লাগিব আৰু আমাৰ চহকী ঐতিহ্য- পৰম্পৰা, সংস্কৃতিৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে বদ্ধপৰিকৰ হ'ব লাগিব। অসমৰ খিলঞ্জীয়া জাতি- জনগোষ্ঠীসমূহৰ সর্বাংগীণ উন্নয়ন, ঐতিহ্যৰ সুৰক্ষা আদি ক্ষেত্ৰত বিজেপি চৰকাৰে সদায়েই গুৰুত্ব দি আহিছে। আগন্তুক দিনবোৰতো জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে ন উদ্যমেৰে কাম কৰি যাবলৈ আমি দৃঢ় সংকল্পবদ্ধ।"

অনুষ্ঠানটোত লগতে উপস্থিত থাকে মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোহাঁই, কাৰ্যকৰী সভাপতি বৈকুণ্ঠ গোহাঁই, সম্পাদক সৰোজ গোহাঁই, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, অসম ৰাজ্যিক হাউছিং ব'ৰ্ডৰ অধ্যক্ষ পুলক গোহাঁই, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল।

মটক ৰজা সৰ্বানন্দ সিংহৰ পুণ্যতিথিত পূর্ণাংগ প্রতিমূর্তি উন্মোচন সর্বানন্দ সোণোৱালৰ
টেঙাক নকৰিবা হেলা,টেঙাই তৰিব বিপদৰ বেলা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in