টেঙাক নকৰিবা হেলা,টেঙাই তৰিব বিপদৰ বেলা...

টেঙাক নকৰিবা হেলা,টেঙাই তৰিব বিপদৰ বেলা...

কথাতে কয় টেঙাৰে পুঠি মাছৰ জোল, খালেহে বুজিবা সোৱাদৰ মূল...খাৰ আৰু টেঙাৰ ব্যৱহাৰ অসমীয়া খাদ্যৰ অন্যতম। কেৱল মুখৰ জুতিয়ে নহয় টেঙাৰ আছে বহু স্বাস্থ্যসন্মত উপকাৰিতা। এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...

কথাতে কয় "ঔটেঙা ঢেকীয়া শাক জিভাৰ পানী পৰি থাক" জিভাৰ সেই টকালিটো কেৱল টেঙাই দিব পাৰে। অৰ্থাৎ খাওঁতা জনেহে জানে ইয়াৰ জুতি। টেঙাৰ বিভিন্ন ব্যঞ্জন খাবলৈ যিমান সোৱাদ সিমান ঔষধি গুণ সম্পন্ন।

ঔটেঙা, নেমু, বৰ টেঙা বা কৰ্দৈ টেঙাৰে গাঁৱৰ ঘৰৰ বাৰীখন চহকী। বাৰীত পকি থকা বৰ টেঙা পাৰি কলপাতত লৈ খোৱাৰ আমেজেই সুকীয়া। কেৱল বৰ টেঙাই নহয় গৰমত নেমুৰ চৰবত, ঔটেঙা-ঢেকীয়া পুঠি মাছৰ আঞ্জা বা থেকেৰা মাছৰ জোলকন প্ৰতিজন অসমীয়াৰ প্ৰিয়।

গৰমৰ দিনত ভাত সাজৰ লগত টেঙা অকণ থাকিলে ভাত কেইটামান বেছিকৈ যায়। মুঠতে অসমীয়া আহাৰ সাধাৰণতে খাৰ বা শাকেৰে আৰম্ভ হয় আৰু টেঙা ব্যঞ্জনেৰে সমাপ্ত হয়। খাৰ আৰু টেঙাৰ ব্যৱহাৰ অসমীয়া খাদ্যৰ অন্যতম। কেৱল মুখৰ জুতিয়ে নহয় টেঙাৰ আছে বহু স্বাস্থ্যসন্মত উপকাৰিতা। সেয়ে কথাতে কয় টেঙাৰে পুঠি মাছৰ জোল, খালেহে বুজিবা সোৱাদৰ মূল...

এছিয়া মহাদেশৰ ভিতৰত ফিলিপাইনৰ পিছত সৰ্বাধিক অসমত হোৱা ঔটেঙা আমাৰ গাঁৱলীয়া সমাজত অতিকে জনপ্ৰিয়। ঔটেঙা হৈছে দাইল বা তৰকাৰীৰ এবিধ আনুসংগিক উপকৰণ। বিশেষকৈ পুঠি, খলিহনাৰ দৰে সৰু সৰু মাছৰ পৰা আৰম্ভ কৰি ৰৌ, বৰালিৰ দৰে ডাঙৰ আকাৰৰ মাছ দি ৰন্ধা বিভিন্ন প্ৰকাৰৰ ব্যঞ্জনত ঔটেঙাৰ প্ৰয়োগে ইয়াৰ সোৱাদ দুগুণে বৃদ্ধি কৰে।

কেৱল সোৱাদৰ ক্ষেত্ৰতে নহয় পাচনতন্ত্র সুস্থ ৰখাৰ ক্ষেত্ৰত ঔটেঙা এক প্ৰভাৱশালী ঔষধ। ঔটেঙাত কম বেছি পৰিমাণে প্ৰটিন, আঁহ, চৰ্বি,ফাইবাৰ, কেলছিয়াম, ফছফৰাছ আৰু এচক'ৰবিক এচিড পোৱা যায়। ঔটেঙা খালে পেট পৰিষ্কাৰ হয়, যাৰ দ্বাৰা অজীৰ্ণ, কোষ্ঠকাঠিন্য আদি পেটৰ বিকাৰসমূহৰ পৰা হাত সাৰি থাকিব পাৰি ।

ঔটেঙাৰ বীজলেৰে চুলি ধুলে মূৰৰ উফি নাশ হয় আৰু চুলিৰ উজ্জ্বলতা বাঢ়ে। তদুপৰি মধূমেহ ৰোগীসকলৰ বাবেও ঔটেঙাক এক সুষম আহাৰ হিচাপে গণ্য কৰা হয় ।

হৃদযন্ত্ৰৰ বাবে অতিকৈ উপকাৰী ঔটেঙাত প্ৰচুৰ পৰিমাণে পটাচিয়াম থকাৰ বাবে তেজৰ কলেষ্টেৰল হ্ৰাস পায় আৰু হৃদয়ৰ গতি স্থিৰ কৰি ৰাখে। ফলত হৃদযন্ত্ৰ মজবুত, সুঠাম হৈ থাকে।

ঔটেঙাত থকা চি আৰু ই ভিটামিনে মানুহৰ শৰীৰত কলাজেন প্ৰটিনক পৰিপুষ্টি প্ৰদান কৰি ছালৰ সতেজতা আনে। যাৰফলত কোনো এজন মানুহ বহু দিনলৈ চিৰযৌৱনা হৈ থাকিব পাৰে।

ইয়াৰোপৰি ঔটেঙা খালে টোপনি ভাল হ‘য়। সেইবাবে ই মানসিক চাপ হ্ৰাস কৰি স্মৃতি শক্তি বৃদ্ধি কৰি মানুহক মানসিক সুস্থিৰতা প্ৰদান কৰে। কিয়নো ইয়াত চেপুটিন আৰু টেনিন আদি উপাদান উপলব্ধ।

ঔটেঙাত থকা ভিটামিন এইমানুহৰ চকুৰ দৃষ্টি শক্তি অটুট ৰখাত সহায় কৰে। সেয়ে দৈনিক ঔটেঙা খোৱাৰ অভ্যাস কৰিলে চকুৰ দৃষ্টি শক্তি বহুদিনলৈ ভাল কৰি ৰাখিব পাৰি। ঔটেঙা পেটৰ বাবে অতিকৈ উপকাৰী ফল। পেটৰ বিভিন্ন ৰোগ ডায়েৰীয়া, পেট চলা, গেছ আৰু পুৰণি কলেৰা ৰোগ আদি নিৰ্মূল কৰাত ঔটেঙাই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।

প্ৰাকৃতিক গুণেৰে সমৃদ্ধ এবিধ সহজলভ্য ফল হৈছে নেমু । কাজি নেমুৰ উপাদান আৰু উপকাৰিতা কৈ শেষ কৰিব নোৱাৰি। নেমুৰ উপাদান সমূহ- ভিটামিন C, আইৰণ, ভিটামিন B6, ছ’ডিয়াম, পটাছিয়াম আদি। এই উপাদানসমূহে আমাৰ শৰীৰৰ বিভিন্ন উপকাৰ সাধন কৰে।

আমাৰ শৰীৰত ভিটামিন C অভাৱ হ’লে স্কাৰ্ভি ৰোগ হয়। এই ৰোগ হ’লে সঘনাই কাহ, ছৰ্দি হয়, ওঁঠ ফাঁটে, জিভাত ঘাঁ হয়। নেমুৰ ৰস খালে এইসমূহ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

আহাৰত এডোখৰকৈ নেমু খালে শাৰীৰিক দুৰ্বলতা নাশ হয়।গৰমৰ দিনত মানৱ দেহৰ পৰা ঘামৰ লগত বহু পৰিমাণে খনিজ পদাৰ্থ বাহিৰ ওলাই যায়। নেমুৰ চৰবতে দেহত হ্ৰাস পোৱা খনিজ পদাৰ্থৰ অভাৱ পূৰণ কৰে।

গৰমৰ দিনত বেছিকৈ ঘামিলে নেমুৰ চৰবতৰ লগত পদিনাৰ পাতৰ ৰস আৰু অকণমান ক’লা নিমখ মিশ্ৰণ কৰি খালে দেহত শক্তি পোৱা যায় ।পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়।

ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল হোৱা,জণ্ডিচ আদি ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত নেমুৰ যথেষ্ট ঔষধি গুণ আছে। নেমুত থকা ভিটামিন ’চি’ য়ে ৰক্তহীনতাত ভোগা ব্যক্তিৰ দেহত হিম’গ্লবিন বৃদ্ধিত সহায় কৰে। আমিষভোজী লোকসকলে নিয়মীয়াকৈ নেমু খালে যকৃত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে।

মূৰৰ বিষ আৰু মূৰ ঘূৰণি  হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে উপশম পোৱা যায়।দাঁতৰ ৰোগ প্ৰতিৰোধ, বদহজমী, বমি, কোষ্ঠকাঠিন্য আদি ৰোগ নিৰাময়ত নেমুৰ ভূমিকা অতুলনীয়।

প্ৰতিদিনে পুৱা খালী পেটত এগিলাছ পানীৰ লগত এটা নেমুৰ ৰস মিশ্ৰণ কৰি খালে মেদবহুলতাৰ সমস্যা নাইকীয়া হয় ।

নেমুৰ ৰসৰ লগত মৌ মিহলাই লগালে দেহৰ ক’লা দাগ নাইকিয়া হয় । চৰ্মৰোগতো নেমুৰ ৰস মিঠাতেল বা নাৰিকল তেলৰ লগত মিহলাই লগালে যথেষ্ট সুফল পোৱা যায়।

থেকেৰা যিমানে পুৰণি হয় তাৰ ঔষধি গুণাগুণো বেছি হয়। অসমত বৰ থেকেৰা, কুজি থেকেৰা, ৰূপহী থেকেৰা আদি কেইবাপ্ৰকাৰৰো থেকেৰা পোৱা যায়। ইয়াৰ ভিতৰত ঔষধি হিচাবে কুজি থেকেৰা সাধাৰণতে বেছিকৈ ব্যৱহাৰ হয়।ককা আইতাই কোৱা শুনিছিলো পুৰণি কুজি থেকেৰা বহু ৰোগৰ চিকিৎসাত ব্যৱহাৰ হয়। 

পুৰণি সঞ্চিত গ্ৰহণীত বা ক্ৰনিক ডিচেন্টেৰী, কৌষ্ঠকাঠিন্য, পেট কামোৰণি আদি পেটৰ যিকোনো সমস্যাত কুজি থেকেৰা বৰ উপকাৰী।

ইয়াৰ বাবে দুই এচকল থেকেৰা এগিলাচ পানীত অকণমান তালমিছিৰি দি এৰাতি তিয়াই থব লাগে। পুৱা খালিপেটত চেকনিৰে চেকি লৈ সেইখিনি খাব লাগে। কিছুদিন এনেকৈ খালে পেটৰ ৰোগ নিৰাময় হয়।

প্ৰসাৱ জ্বলা পোৰা কৰা, সঘনাই প্ৰসাৱ হোৱা বা প্ৰসাৱৰ সংক্ৰমণজনীত ৰোগত পুৰণি কুজি থেকেৰা মহৌষধ। দুই তিনি ফুটা পুৰণি থেকেৰা এগিলাচ পানীত তালমিছিৰি দি এৰাতি তিয়াই পিছদিনা খালিপেটত কেইদিনমান চৰবত হিচাবে সেৱন কৰিলে পেচাবৰ যিকোনো সমস্যা সমাধান হয়।

উচ্চ ৰক্তচাপত কুজি থেকেৰা উপকাৰী। উচ্চ ৰক্তচাপ ৰোগীয়ে মাজে মাজে থেকেৰা চৰবত সেৱন কৰা উচিত। ইয়াৰোপৰি দাইল বা অন্য আঞ্জাৰ লগত দুই এফুটা থেকেৰা দি সেৱন কৰিলেও উপকৃত হব।

চৰ্দি বা শ্বাসজনিত ৰোগতো থেকেৰা উপকাৰি। থেকেৰাই ছালৰ সৌন্দৰ্য্য় বঢ়ায়। ইয়াৰোপৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

ওজন হ্ৰাসৰ বাবে চাপ্লিমেন্ট আৰু পাউদাৰ গ্ৰহণ কৰাতকৈ ভাল, থেকেৰা টেঙা আপোনাৰ স্বাস্থ্যৰ বাবে অধিক লাভদায়ক ৷ ইয়াত থকা হাইড্ৰক্সিচাইট্ৰিক এচিডে ওজন হ্ৰাস কৰাৰ কাম কৰে ৷ 

অন্ত্ৰ সুস্থ নোহোৱাৰ বাবে অন্ত্ৰৰ সৈতে জড়িত বহুতো সমস্যা যেনে প্ৰদাহজনিত অন্ত্ৰৰ ৰোগ, ক্ৰ’ন’ছ ডিজিজ আৰু অন্ত্ৰৰ আলচাৰ হ’ব পাৰে ৷ একে সময়তে ইয়াৰ বহুতো ঔষধি গুণৰ বাবে থেকেৰা টেঙাই অন্ত্ৰক সুস্থ কৰি ৰাখিব পাৰে ৷ ইয়াতেই ইয়াৰ গেষ্ট্ৰ’প্ৰটেক্টিভ আৰু এন্টি-ইনফ্লেমেটৰী গুণে কাম কৰে ৷ 

থেকেৰা টেঙাত উপস্থিত গাৰ্চিনল এটা ফলপ্ৰসূ এন্টিঅক্সিডেন্ট, যিয়ে বেয়া কলেষ্টেৰল অক্সিডাইজ কৰে আৰু ইয়াক নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। কেন্সাৰ প্ৰতিৰোধৰ বাবে আয়ুৰ্বেদিক চিকিৎসাৰ কথা আহিলে থেকেৰা টেঙা ব্যৱহাৰ কৰিব পাৰে ৷ 

এই লেখাটোৰ পৰা টেঙাৰ উপকাৰিতা সন্দৰ্ভত নিশ্চয় সম্যক তথ্য লাভ কৰিছে। পৰৱৰ্তী প্ৰতিবেদনত অন্য এক সহজলভ্য খাদ্য সামগ্ৰীৰ বিষয়ে তথ্য প্ৰদান কৰি আপোনাক স্বাস্থ্যবান কৰি ৰখাৰ চেষ্টা কৰিম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in