ভয়ংকৰ যান-জঁটত বিপৰ্যস্ত তিনিচুকীয়াৰ জন-জীৱন

জিলা প্ৰশাসন, পৌৰসভা, আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকা
ভয়ংকৰ যান-জঁটত বিপৰ্যস্ত তিনিচুকীয়াৰ জন-জীৱন

ডিজিটেল সংবাদ, তিনিচুকীয়া : তিনিচুকীয়া পৌৰসভাৰ মুঠ ১৫ টা ৱাৰ্ডৰ প্ৰায় ৮০ হেজাৰ লোক সংখ্যাৰ লগতে ইয়াৰ মফচলীয়া অঞ্চলৰ লোক বসতিকে মুখ্য কৰি ব্যৱসায়ীক চহৰখনৰ প্ৰায় ডেৰ লক্ষাধিক লোকৰ প্ৰাণকেন্দ্ৰ হিচাপে চিহ্নিত হৈ আছে সামগ্ৰিক তিনিচুকীয়া চহৰ ।

পিচে চহৰখনৰ একাধিক সমস্যাৰ লগতে যান-জঁটৰ সমস্যাই ব্যতিব্যস্ত কৰি তুলিছে তিনিচুকীয়া চহৰবাসীক । চহৰখনৰ কোনো এটা পথেই যাত্ৰী তথা পথচাৰীৰ বাবে বিচৰা ধৰণে সুচল নহয় ।

অত্যাধিক যান-বাহনে ভাৰাক্ৰান্ত কৰি তুলিছে তিনিচুকীয়া চহৰৰ জন-জীৱন । যান-জঁটৰ সমস্যা সম্প্ৰতি তিনিচুকীয়া চহৰৰ অন্যতম জ্বলন্ত তথা গুৰুত্বপূৰ্ণ সমস্যা হিচাপে বিবেচিত হৈছে । চহৰখনৰ সদাব্যস্ত চিৰাপট্টি পথ, এচ আৰ লোহিয়া পথ, চাউলধো‍ৱা পুখুৰী পথ, চেম্বাৰ ৰ'ড, জি এন বি ৰ'ড, ৰঙাগড়া পথ, লালবাংলা পথ, ডি এম লোহিয়া ৰ'ড, আইন মহাবিদ্যালয় পথ আদিকে মুখ্য কৰি কোনো এটা পথেই পথচাৰীৰ বাবে মসৃণ নহয় ।

জানিব পৰা মতে চিৰাপট্টি পথৰ ওপৰত অকৰ্তৃত্বশীলভাৱে দিনে-নিশাই বিভিন্ন শ্রেণীৰ যান-বাহন পাৰ্কিং কৰি ব্যস্ত পথচোৱা সংকীৰ্ণ কৰি যান-জঁটৰ বৃদ্ধিত অৰিহণা যোগাই আহিছে । সেইদৰে এচ আৰ লোহিয়া পথটো স্থানীয় ব্যৱসায়ীসকলে বাহনসমূহ পাৰ্কিং কৰি যান-জঁট সৃষ্টি কৰি আহিছে ।

জিলাখনৰ খাদ্যৰ ভঁৰাল হিচাপে পৰিচিত চাইডিং বজৰাৰ প্ৰৱেশপথ চেম্বাৰ ৰ'ডত বাহনসমূহ বিশৃংখলভাৱে ৰাখি থোৱাৰ ফলত এই পথেৰে সাধাৰণ জনতাৰ অহা-যোৱা কৰাতো বিৰক্তিদায়ক হৈ পৰে । সেইদৰে ডি এম লোহিয়া পথচোৱা স্থানীয় ব্যৱসায়ীসকলে সা-সামগ্ৰী বেচা-কিনা কৰাত ব্যৱহাৰ কৰাত পথচোৱাই যাতায়ত কৰাতো অসন্তোষ্টিদায়ক হৈ পৰে ।

আইন মহাবিদ্যালয়-এ টি ৰ'ড সংযোগী পথত যুগ যুগ ধৰি গুৰুবাহন পাৰ্কিং কৰি থোৱাৰ ফলত নিতৌ যান-জঁটৰ সমস্যাৰ উদ্ভৱ হয় । সেইদৰে ৰঙাগড়া পথ, লালবাংলা পথ, চাউলধোৱা পুখুৰী আদি ব্যস্ত পথসমূহৰ কাষত অবৈধ পাৰ্কিঙেৰে চহৰখনত যান-জঁটৰ সমস্যা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

যান-জঁটৰ ক্ষেত্ৰত তিনিচুকীয়া চহৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু অতিকে ব্যস্ত পথ হিচাপে পৰিচিত জি এন বি পথৰ কথা প্ৰথমেই সকলোৰে মুখলৈ আছে । চহৰখনৰ জীৱন-ৰেখা হিচাপে বিবেচিত এই পথচোৱাত যান-জঁটৰ সমস্যা আটাইতকৈ বেছি ।

এইবোৰৰ মূলতে হ'ল পথচোৱাৰ চিৰাপট্টি-খৰ্গেশ্বৰ বজাৰ সংগমস্থলৰ পৰা তিনিকোণীয়া পুখুৰী পৰ্যন্ত পথৰ দুয়োকাষে অবৈধভাৱে গঢ়ি উঠা ক্ষুদ্ৰ ক্ষুদ্ৰ ষ্টল তথা থেলা ব্যৱসায়ীসমূহ । শাক-পাচলিৰ পৰা ফুচকা দোকান, ফাষ্ট ফুডৰ দোকানৰ পৰা ফল-মূলৰ দোকানেৰে ব্যাপি আছে সমুদায় পথচোৱা ।

এইসমূহৰ পৰা পথচোৱাৰ কাষত গাড়ী পাৰ্কিং কৰাতো সমস্যাৰ কাৰণ হৈ পৰে । তদুপৰি চহৰখনত নিয়ন্ত্ৰণহীনভাৱে চলি থকা অট'ৰিক্সা, ই-ৰিক্সা, চাইকেল ৰিক্সা, থেলা আদিয়ে চহৰখনৰ যান-জঁটত অভূতপূৰ্ণ বৰঙণি আগবঢ়াইছে ।

চহৰখনৰ যান-জঁটৰ সমস্যাৰ সমাধানৰ দাবীত বিভিন্ন দল-সংগঠনৰ লগতে সংবাদ মাধ্যমৰ লোকে জিলা প্ৰশাসন, আৰক্ষী আৰু পৌৰসভাৰ লগতে স্থানীয় জন-প্ৰতিনিধিক সময়ে সময়ে দাবী জনাই আহিছে যদিও কাৰ্যত কোনেও চহৰখনক যান-জঁটৰ সমস্যাৰ পৰা মুক্ত কৰিব পৰাকৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ।

শেহতীয়াকৈ তিনিচুকীয়াৰ নৱ-নিযুক্ত আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱৰ তৎপৰতাত 'মিছন চেফ তিনিচুকীয়া' শীৰ্ষক এক অভিযান আৰম্ভ কৰি চহৰখনক যান-জঁটৰ সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ তৎপৰতা অৱলম্বন কৰিছিল যদিও সম্প্ৰতি সেয়াও ফুটুকাৰ ফেনত পৰিণত হৈছে ।

নাগৰিকৰ অৱহেলাৰ বাবেও কিছু কিছু ক্ষেত্ৰত এই সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে । চহৰখনক যান-জঁটৰ সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ হ'লে এক দীৰ্ঘম্যাদী পৰিকল্পনা যুগুত কৰাৰ প্ৰয়োজনীয়তা আছে ।

পৰ্যাপ্ত পাৰ্কিঙৰ ব্যৱস্থাৰ লগতে পথৰ কাষত বহা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে সুকীয়া ভেণ্ডৰ জ'ন স্থাপন কৰিলে চহৰখনৰ যান-জঁটৰ সমস্যা ভালেখিনি লাঘৱ হ'ব বুলি সচেতন ৰাইজে মতপোষণ কৰিছে । এইক্ষেত্ৰত তিনিচুকীয়াবাসীৰ আন্তৰিকতা আৰু সদিচ্ছাৰ লগতে সচেতনতাৰ খুবেই প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in