Advertisment

নাৰ্য্য প্ৰাপ্তিৰ দাবীত মাৰ্ঘেৰিটাত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ ধৰ্ণা কাৰ্যসূচী

নাৰ্য্য প্ৰাপ্তিৰ দাবীত মাৰ্ঘেৰিটাত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ ধৰ্ণা কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
নাৰ্য্য প্ৰাপ্তিৰ দাবীত মাৰ্ঘেৰিটাত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ ধৰ্ণা কাৰ্যসূচী

ডিজিটেল সংবাদ, মাৰ্ঘৰিটাঃ নাৰ্য্য প্ৰাপ্তিৰ দাবীত মাৰ্ঘেৰিটাত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ মাৰ্ঘেৰিটাত। দাবী পূৰণ নকৰিলে ৰাজপথত নমাৰ হুংকাৰ শিক্ষক সমাজৰ। নিজৰ ন্যায্য প্ৰাপ্তি অধিকাৰ বিচাৰি বিদ্যালয়ৰ শ্ৰেণী কোঠা সলনি প্ৰতিবাদত বহিল শিক্ষক।

Advertisment

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানত মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ সকলো ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীৰে ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দিনৰ ১২ বজাৰ পৰা ২ বজালৈ মাৰ্ঘেৰিটা খণ্ড প্রাথমিক শিক্ষা বিষয়া কাৰ্যলয়ৰ চৌহদত শিক্ষক-শিক্ষয়িত্ৰীসকলে ন্যাৰ্য অধিকাৰ বিচাৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।

শতাধিক ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ দাবী সমৰ্থনত বিভিন্ন শ্ল'গানেৰে মাৰ্ঘেৰিটা আকাশ বতাহ কঁপাই তোলে। উক্ত কাৰ্যসূচীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ সভাপতি উৎপল কোঁৱৰ উপস্থিত থাকে। এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো চৰকাৰ তথা শিক্ষা বিভাগে তেওঁলোকৰ দাবী পূৰণ নকৰিলে পৰৱৰ্তী সময়ত ৰাজপথত আন্দোলনৰ হুংকাৰ টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকৰ।

Also Read: কৰ দি মৰ !

TET tet teacher