Advertisment

গুঁইজানত আছুৰ নৱ-নিৰ্মিত শ্বহীদ ভৱনৰ শুভ উদ্বোধন...

গুঁইজানত আছুৰ নৱ-নিৰ্মিত শ্বহীদ ভৱনৰ শুভ উদ্বোধন...

author-image
Asomiya Pratidin
New Update
গুঁইজানত আছুৰ নৱ-নিৰ্মিত শ্বহীদ ভৱনৰ শুভ উদ্বোধন...

গুঁইজানত আছুৰ নৱ-নিৰ্মিত শ্বহীদ ভৱনৰ শুভ উদ্বোধন...

ডিজিটেল সংবাদ তিনিচুকীয়াঃ আজি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ইয়াৰ গুঁইজান বজাৰৰ সমীপত গুঁইজান শাখা ছাত্ৰ সন্থাৰ এটি নৱ-নিৰ্মিত শ্বহীদ ভৱনৰ শুভ উদ্বোধন কৰে ৷ কাৰ্যলয়টো উদ্বোধনৰ পূৰ্বে গুঁইজানত উপস্থিত হোৱা আছুৰ সাধাৰণ সম্পাদকগৰাকীক বিহু, ঝুমুইৰ, মিছিং বিহু দলৰ লগতে স্থানীয় বৃহৎ সংখ্যক ৰাইজ তথা আছুৰ কৰ্মকৰ্তাসকলে শ্বহীদ ভৱনলৈ আদৰি আনে ৷

Advertisment

গুঁইজান শাখা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সত্য বৰগোহাঁইয়ে আঁতধৰা অনুষ্ঠানটোত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰি শংকৰজ্যোতি বৰুৱাই শ্বহীদ ভৱনটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৷ অনুষ্ঠানত আছুৰ সাধাৰণ সম্পাদকগৰাকীৰ সৈতে জিলা আছুৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, শিক্ষক সুশীল বৰুৱাকে মুখ্য কৰি গুঁইজান অঞ্চলৰ কেইবাগৰাকীও শিক্ষক আৰু গণ্য-মান্য ব্যক্তি তথা আছুৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ৷ 

স্থানীয় আইসকলৰ দ্বাৰা পৰিৱেশিত দিহানামেৰে আৰম্ভ হোৱা উদ্বোধনী সভাৰ প্ৰাৰম্ভণিতে শংকৰজ্যোতি বৰুৱাক গুঁইজান শাখা ছাত্ৰ সন্থাই ফুলাম গামোছা, চেলেং, শৰাই, সম্বৰ্ধনা-পত্ৰ আদিৰে সম্বৰ্ধনা জনায় ৷ সভাত শংকৰজ্যোতি বৰুৱাই বক্তব্য ৰাখি কয়, সদৌ অসম ছাত্ৰ সন্থাৰ মানচিত্ৰত গুঁইজান শাখা এখন শক্তিশালী শাখা ছাত্ৰ সন্থা ৷

গুঁইজান শাখা ছাত্ৰ সন্থাই গুঁইজানৰ বিভিন্ন সমস্যাৰাজিৰ সন্দৰ্ভত স্থানীয় ৰাইজৰ লগ লাগি মাত মাতি আহিছে ৷ এতিয়াৰ পৰা এইখন চালিৰ তলতে সকলো একত্ৰিত হৈ পৰিকল্পনা প্ৰস্তুত কৰিব ৷ এয়া কেৱল সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় নহয়, এয়া গুঁইজানৰ প্ৰতিগৰাকী সমাজ সচেতন ব্যক্তি, সমাজৰ হকে কাম কৰিব বিচৰা লোকৰ কাৰ্যালয় ।

গুঁইজানৰ গৰাখহনীয়াৰ সমস্যা, শৈক্ষিক সমস্যাকে আদি কৰি সকলো সমস্যাৰ ক্ষেত্ৰত গুঁইজান শাখা ছাত্ৰ সন্থাই এই কাৰ্যালয়ত একত্ৰিত হৈ মাত মাতি যাব বুলি শংকৰজ্যোতি বৰুৱাই বক্তব্য ৰাখে ৷ উল্লেখ্য যে, অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক কম্পিউটাৰ শিক্ষাৰে শিক্ষিত কৰাৰ লক্ষ্যৰে নৱ-নিৰ্মিত ভৱনটোত গুঁইজান শাখা ছাত্ৰ সন্থাই এটি কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৷ 

Also Read: কি বাতৰি চাব, সেয়া আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব...

শ্বহীদ ভৱন