জেহাদী সংগঠন এবিটিৰে জড়িত থকাৰ সন্দেহত তিনিজনক আটক...

ধুবুৰী আৰক্ষীয়ে বাংলাদেশৰ কুখ্যাত জেহাদী গোষ্ঠী এবিটিৰ সৈতে জড়িত থকাৰ সন্দেহত সোমবাৰে তিনি ব্যাক্তিক আটক কৰিবলৈ সক্ষম হয় ।

author-image
Asomiya Pratidin
New Update
জেহাদী সংগঠন এবিটিৰে জড়িত থকাৰ সন্দেহত তিনিজনক আটক...

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী আৰক্ষীয়ে বাংলাদেশৰ কুখ্যাত জেহাদী গোষ্ঠী এবিটিৰ সৈতে জড়িত থকাৰ সন্দেহত সোমবাৰে তিনি ব্যাক্তিক আটক কৰিবলৈ সক্ষম হয় ।

Advertisment

দেওবাৰে নিশাৰ পৰা সোমবাৰে পুৱতি নিশা লৈ চলা এক অভিযানত বাংলাদেশৰ দুৰ্ধৰ্ষ জেহাদী গোষ্ঠী আনছাৰুল বাংলা টিম চমুকৈ এবিটিৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তিনিগৰাকীকৈ ব্যক্তিক কৰায়ত্ব কৰিছে ।

আজি বিয়লি নিজ কাৰ্য্যালয় কক্ষত এক সংবাদমেল যোগে এই কথা সদৰি কৰিছে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে ।

তিনিও ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী বগুলামাৰীৰ বাসিন্দা ছফিকুল ইছলাম (২৫, সস্তাৰঘাট দ্বিতীয় খণ্ডৰ মোজাহিদুল মণ্ডল (২১) আৰু টাকীমাৰীৰ বাদশা শেখ ।

আৰক্ষীয়ে প্ৰদান কৰা মন্তব্য অনুসৰি, ৰাজ্যত পূৰ্বে আৰক্ষীৰ জালত পৰা এবিটি সদস্যৰ সৈতে ধৃত তিনিওৰে ধনৰ লেনদেন চলাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ।

তিনিও এবিটিৰ ধুবুৰী মডিউলৰ সদস্য বুলি সন্দেহ কৰাৰ সমান্তৰালকৈ বাংলাদেশী জেহাদী গোষ্ঠীটোত নতুন সদস্য ভৰ্তি কৰাৰ তৎপৰতা আৰম্ভ কৰিছিল বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে।

আনকি আৰক্ষীয়ে পশ্চিমবংগ, উত্তৰপ্ৰদেশ আদিকে ধৰি কেইবাখনো বহিঃ ৰাজ্যৰ সৈতে ধৃত তিনিওৰ সংযোগ থকা বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে ।

তিনিজনৰে পৰা লেপটপ, ইলেকট্ৰ'নিক সঁজুলিও আৰক্ষীয়ে উদ্ধাৰ কৰে । অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে সবিশেষ জনোৱাৰ পৰা বিৰত থাকে ।

Also Read: বিমানত সহযাত্ৰীক প্ৰস্বাৱ কৰি গ্ৰেপ্তাৰ ভাৰতীয়...

ABT dhuburiarrest