/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/cd346ada-cd5c-49b8-820f-dbf06b648ebb/Tinisukiya.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া : তিনিচুকীয়াৰ অগ্ৰণী শিক্ষানুষ্ঠান পৰমানন্দ জাতীয় বিদ্যালয়ত শণিবাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দুটা পিতলৰ আৱক্ষ মূৰ্তি উন্মোচন কৰা হয় । তিনিচুকীয়াৰ বিশিষ্ট ব্যৱসায়ী বিজয় কুমাৰ জৈনৰ উদ্যোগত নিৰ্মিত মূৰ্তি দুটাৰ জ্যোতিপ্ৰসাদ দেৱৰ আৱক্ষ মূৰ্তিটো উন্মোচন কৰে জয়শ্ৰী চলিহাই আৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ মূৰ্তিটো উন্মোচন কৰে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/858900e9-8a5f-42ea-b7f9-1adb98ddcd36/WhatsApp_Image_2023_04_08_at_7_36_32_PM__1_.jpeg)
এই উপলক্ষ্যে অনুষ্ঠিত এক ৰাজহুৱা সভাত বক্তব্য প্ৰদান কৰি জ্যোতি প্ৰসাদৰ কন্যা জয়শ্ৰী চলিহাই অতীতক ৰোমন্থন কৰি কয় 'বিষ্ণু প্ৰসাদ ৰাভা আমাৰ ঘৰলৈ সঘনাই আহিছিল। আহিয়েই তেওঁ 'চাহ একাপ খাওঁ' বুলি কৈছিল। অৱশ্যে দেউতা কম বয়সতে ঢুকোৱাৰ বাবে ৰাভাদেৱে দেউতাক বেছিদিন লগ দিব নোৱাৰিলে। ৰাভাদেৱে বেছিসময় কটাইছিল আমাৰ দদাইদেউৰ লগত' বুলি উল্লেখ কৰি আৱেগিক হৈ পৰে । চলিহাই জ্যোতিপ্ৰসাদৰ এটা দীঘল কবিতা আবৃত্তি কৰি উপস্থিত সভাসদসকলক আপ্লুত কৰে ।
সভাত বিষ্ণুপ্ৰসাদ ৰাভাৰ সুযোগ্য সন্তান বিধায়ক পৃথ্বীৰাজ ৰাভাই শিক্ষাৰ ক্ষেত্ৰত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ ভিতৰত জাতীয় বিদ্যালয়ৰ বিশেষ অৱদান আছে বুলি মন্তব্য কৰি শিক্ষকসকলে প্ৰতিটো পাঠদানৰ অন্তত ন্যুনতম পাঁচ মিনিট সময় ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ভাষা-সংস্কৃতি আৰু শংকৰ-মাধৱ, জ্যোতি-বিষ্ণু আদি মহান মণিষীসকলৰ বিষয়ে জ্ঞান প্ৰদান কৰিবলৈ তেওঁ অনুৰোধ জনায়।
বিষ্ণু প্ৰসাদ ৰাভাই অসমৰ গাঁৱে-ভূঞে ঘূৰি ফুৰিছিল, প্ৰায়সংখ্যক মানুহৰ চোতাল গছকিছিল বুলি তেওঁ উল্লেখ কৰি ৰাভাই অসমীয়া সাহিত্যত তথা এগৰাকী শিল্পী হিচাপে আমাৰ সমাজ জীৱনলৈ ভালেখিনি অৱদান আগবঢ়াই থৈ যোৱা বুলি মন্তব্য কৰে । ৰাভাই বহু ৰোমাণ্টিক গীত ৰচনা কৰি, শিশুৰ বাবে গীত লিখি, শংকৰদেৱৰ চিত্ৰপট অংকণ কৰা বুলি উল্লেখ কৰি তেখেতৰ সৃষ্টিৰাজী, শিক্ষা আদি দিশসমূহো পৰিশীলিত উপস্থাপন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/5b42f483-02fb-45de-a6fc-69351aa4b212/WhatsApp_Image_2023_04_08_at_7_36_32_PM.jpeg)
প্ৰাপ্তি শৰ্মাই আঁতধৰা অনুষ্ঠানটোত চাবুৱা সমষ্টিৰ বিধায়ক পোণাকণ বৰুৱাইও জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজীৰ ওপৰত বক্তব্য দাঙি ধৰি পৰমানন্দ জাতীয় বিদ্যালয়ৰ এই উদ্যোগক উচ্চ প্ৰশংসা কৰে। শণিবাৰে সভাত তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈ, দুই আৱক্ষ মূৰ্তিৰ দাতা বিজয় কুমাৰ জৈন, পৰমানন্দ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ববিতা শৰ্মাকে মুখ্য কৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।
অধ্যক্ষ ববিতা শৰ্মাই আদৰণি ভাষণ আগবঢ়োৱা এই সভাতে বিদ্যালয়খনৰ তৰফৰ পৰা বিজয় কুমাৰ জৈন আৰু সাংবাদিক ৰৌচনলাল ভৰদ্বাজক সম্বৰ্ধনা জনোৱা হয় । সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত, মুকাভিনয়, বিহু হুঁচৰি আদি সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰে । সভাত বিধায়ক পোণাকণ বৰুৱাই বিদ্যালয়খনলৈ প্ৰায় দুই লাখ টকাৰ ক্ৰীড়া সামগ্ৰী প্ৰদান কৰে । বিধায়ক গৰাকীয়ে বিদ্যালয়খনত এমট্ৰনৰ উদ্যোগত নতুনকৈ স্থাপন কৰা এটা কম্পিউটাৰ কেন্দ্ৰৰো শুভ উদ্বোধন কৰে ।
Also Read: বেয়া দিন: তিনি কংগ্ৰেছী বিধায়কৰ পদত্যাগ...