চিলাপথাৰ ৰে'ল ষ্টেচন উন্নীতকৰণ বাবে ৭.৮৮ কৌটি টকা...

প্ৰধানমন্ত্ৰীয়ে ভাৰ্ছুৱেলী উদ্বোধন কৰিলে অমৃত ভাৰত ষ্টেচন আঁচনি

author-image
Asomiya Pratidin
New Update
চিলাপথাৰ ৰে'ল ষ্টেচন উন্নীতকৰণ বাবে ৭.৮৮ কৌটি টকা...

চিলাপথাৰ ৰে'ল ষ্টেচন উন্নীতকৰণ বাবে ৭.৮৮ কৌটি টকা...

ডিজিটেল সংবাদ চিলাপথাৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ জৰিয়তে ভাৰতত বিভিন্ন ৰাজ্যৰ লগতে অসমৰো ১৪ তা ৰে'ল ষ্টেচন উন্নীতকৰণ ব্যৱস্থা হাতত লৈছে। এই ১৪ টা ষ্টেচনৰ ভিতৰত চিলাপথাৰ ৰে'ল উন্নীতকৰণ বাবে ধাৰ্য্য কৰিছে ৭ .৮৮ কৌটি টকা।

Advertisment

আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লী পৰা ভাৰ্চুৱেল ব্যৱস্থাৰ জৰিয়তে ৰে'ল ষ্টেচন উন্নতকৰন আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ উপলক্ষত চিলাপথাৰ ৰে'ল ষ্টেচনতো অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান।

ৰে'ল বিভাগৰ তিনিচুকীয়া ডিভিজনৰ জেনেৰেল মেনেজাৰ উত্তম কুমাৰে আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাই বিধানসভা সমষ্টি বিধায়ক ভূৱন পেগু, ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালী, চিলাপথাৰ‌ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত শইকিয়াৰ লগতে কেইবাজনো শীৰ্ষ ৰে'ল বিষয়া আৰু বহু বিশিষ্ট ব্যক্তি।

অভ্যগতসকলক সম্বৰ্দ্ধনা জনোৱাৰ লগতে অনুষ্ঠিত কৰা হয় বৰ্নিল সাংস্কৃতিক অনুষ্ঠান। আঁচনিখনৰ জৰিয়তে জিলাখনত ভিতৰতে ব্যস্ত চিলাপথাৰ ৰে'ল ষ্টেচনটোৰ লগতে অঞ্চলবাসীৰ প্ৰত্যাশিত উন্নয়ন সাধন কৰিব বুলি অনুষ্ঠানত উপস্থিত স্থানীয় বিধায়ক ভূৱন পেগুৱে সদৰি কৰে।

Also Read: 'দ্যা আছাম ট্ৰিবিউন'ৰ মোবাইল এপ মুকলি...

চিলাপথাৰ