মাকুমত কংগ্ৰেছৰ জয় ভাৰত সত্যাগ্ৰহ কাৰ্যসূচী, 'হাথ সে হাথ জোড়ো অভিযান...

তিনিচুকীয়া জিলা কংগ্ৰেছ কমিতিৰ উদ্যোগত হাপজান ব্লক কংগ্ৰেছ কমিতিৰ সৌজন্যত তথা মাকুম মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত শনিবাৰে মাকুম ট্ৰেফিক পইন্টৰ সমীপত কংগ্ৰেছৰ জয় ভাৰত সত্যাগ্ৰহ কাৰ্যসূচীৰ সমান্তৰালভাৱে 'হাথ সে হাথ জোড়ো' অভিযান অনুষ্ঠিত হয় । কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক পথ-সভাৰো আয়োজন কৰা হয় l
কংগ্ৰেছৰ জয় ভাৰত সত্যাগ্ৰহ কাৰ্যসূচী,
কংগ্ৰেছৰ জয় ভাৰত সত্যাগ্ৰহ কাৰ্যসূচী,

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া জিলা কংগ্ৰেছ কমিতিৰ উদ্যোগত হাপজান ব্লক কংগ্ৰেছ কমিতিৰ সৌজন্যত তথা মাকুম মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত শনিবাৰে মাকুম ট্ৰেফিক পইন্টৰ সমীপত কংগ্ৰেছৰ জয় ভাৰত সত্যাগ্ৰহ কাৰ্যসূচীৰ সমান্তৰালভাৱে 'হাথ সে হাথ জোড়ো' অভিযান অনুষ্ঠিত হয় । কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক পথ-সভাৰো আয়োজন কৰা হয় l

'হাথ সে হাথ জোড়ো অভিযান
'হাথ সে হাথ জোড়ো অভিযান

সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে বিজেপি দল তথা চৰকাৰৰ প্ৰত্যক্ষ নেতৃত্বত চলা বিভিন্ন অৰ্থনৈতিক কেলেংকাৰী, পুঁজিবাদীৰ সহায়ক নীতি, মোডী-আদানীৰ ৰহস্যজনক সম্পৰ্ক আদি বিভিন্ন বিষয়ত নিজৰ নিজৰ বক্তব্য প্ৰদান কৰে । দেশৰ গণতন্ত্ৰ আৰু সংবিধানৰ প্ৰতি বিপদজ্জনক তথা ধৰ্মনিৰপেক্ষতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বিজেপি দল তথা চৰকাৰক পুলিয়ে-পোখাই উভালি পেলাবলৈ জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাই আজিৰ সভাৰ যোগেদি ৰাইজক আহ্বান জনায় ।

আজিৰ কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাৰ লগতে প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি মৌচম বৰুৱা, হাপজান ব্লক কংগ্ৰেছৰ সভাপতি ভাস্কৰ জীৱন বৰুৱা, মাকুম মণ্ডলৰ সভাপতি দীপক ইন্দু, জিলা কংগ্ৰেছৰ নিৰ্মল সিং, ৰত্নেশ্বৰ গোহাঁই, যোগেশ কুৰ্ম্মী, জন হাৱাই, মিঠু ৰজককে মুখ্য কৰি ভালেসংখ্যক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে ।

কংগ্ৰেছৰ জয় ভাৰত সত্যাগ্ৰহ কাৰ্যসূচী,
প্ৰমোদ বড়োই চিণ্ডিকেটৰ জৰিয়তে প্ৰতিদিনে সংগ্ৰহ কৰে লাখে লাখে টকা-হাগ্ৰামা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in