প্ৰমোদ বড়োই চিণ্ডিকেটৰ জৰিয়তে প্ৰতিদিনে সংগ্ৰহ কৰে লাখে লাখে টকা-হাগ্ৰামা...

সম্প্ৰতি বিটিচিৰ ৰাজনীতিত বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰীৰ মাজত চলি থকা বাকযুদ্ধই তীব্ৰ ৰূপ ধাৰণ কৰিছে
 বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰী
বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰী

ডিজিটেল সংবাদ, চিৰাংঃ সম্প্ৰতি বিটিচিৰ ৰাজনীতিত বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰীৰ মাজত চলি থকা বাকযুদ্ধই তীব্ৰ ৰূপ ধাৰণ কৰিছে । তামুলপুৰত বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীক কংগ্ৰেছৰ দৰে টকাৰ কাৰণে ৰাজনীতি কৰি আহিছে, বিগত ১৭ বছৰত মানুহক ভয় ভাবুকি দি দাদাগিৰি কৰি ৰাজনীতি কৰিছে বুলি মন্তব্য কৰিছিল । বিটিচি প্ৰধান গৰাকীৰ এনে মন্তব্যৰ পিছতেই শনিবাৰে চিৰাঙৰ কাজলগাঁৱত বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

লগতে তেওঁ ওলোটাই প্ৰমোদ বড়োক তীব্ৰ বাক্যবাণেৰে আক্ৰমণ কৰি কয় যে হাগ্ৰামা মহিলাৰীয়ে কেতিয়াও টকাৰ কাৰণে ৰাজনীতি কৰা নাই বৰঞ্চ প্ৰমোদ বড়োই হে এতিয়া শ্ৰীৰামপুৰত কণী, কুকুৰা, মহ আদিৰ পৰা চিণ্ডিকেটৰ জৰিয়তে প্ৰতিদিনে লাখ লাখ টকা সংগ্ৰহ কৰি আছে ।

আজি চিৰাং জিলাৰ কাজলগাঁৱত বিপিএফৰ সহস্ৰাধিক দলীয় নেতা কৰ্মীৰ উপস্থিতিত এক জনজাগৰণ পদযাত্ৰাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সৈতে এই মন্তব্য কৰে বিপিএফ নেতাগৰাকীয়ে ।

পদযাত্ৰাত বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীৰ উপৰি বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰী, বিধান পৰিষদৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰী, জিলা সভাপতি তথা পাৰিষদ জেমচ বসুমতাৰী, পাৰিষদ পানীৰাম ব্ৰহ্মৰ উপৰি দলীয় নেতা কৰ্মীৰ উপস্থিতিত কাজলগাঁৱৰ জিলা বিপিএফ কাৰ্যালয়ৰ পৰা এক বিশাল পদযাত্ৰা উলিওৱা হয় । বিপিএফৰ এই পদযাত্ৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে দি যাত্ৰা কৰি কাজলগাঁও বজাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত উপস্থিত হৈ এখন জনজাগৰণ সভা অনুষ্ঠিত কৰে । উক্ত জনজাগৰণ সভাত হাগ্ৰামা মহিলাৰীয়ে মঞ্চৰ পৰা নামি দলীয় সমৰ্থক সকলৰ ওচৰত গৈ মত বিনিময় কৰে ।

ভাষণ প্ৰসংগত মহিলাৰীয়ে তেখেতৰ স্বভাৱ সুলভ ভঙ্গিমাৰে বিটিচিৰ শাসকীয় দল ইউপিপিএল সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে । পৃথক বড়োলেণ্ড ৰাজ্যৰ কথা কৈ বড়ো জনগোষ্ঠীয় লোক সকলৰ চহী সংগ্ৰহ কৰি পিছত বেলেগে চুক্তি কৰি মিথ্যাচাৰৰ আশ্ৰয় লৈ বড়ো সকলকে ঠগিছে, বাকি অন্যান্য জনগোষ্ঠীৰ কথা কি কম ! ইউপিপিএল দলে বিটিচি নিৰ্বাচনৰ আগত মানুহৰ ঘৰে ঘৰে চৰকাৰী চাকৰি দিয়া হব বুলি প্ৰতিশ্ৰুতি দিছিলে কিন্তু এতিয়া বিটিচি এলেকাত প্ৰমোদ বড়োৰ এটা পিয়নৰ চাকৰি দিয়াৰ ক্ষমতা নাই বুলি কটাক্ষ কৰে ।

এতিয়া প্ৰমোদ বড়োই বিটিচি শাসন কৰা নাই তাৰ বিপৰীতে এবছু কাৰ্যালয়ৰ পৰাহে বিটিচি শাসন ব্যৱস্থা কাম-কাজ চলে । এবছুৰ নিৰ্দেশত ইউপিপিএল দলে যিদৰে বিটিচিক ধ্বংশ কৰাত নামি পৰিছে তাকে তিনিবছৰ মনে মনে থকাৰ পিছত এতিয়া ধ্বংসমুখী বিটিচিক ৰক্ষাৰ কাৰণে বিপিএফ দল বাহিৰলৈ ওলাই আহিছে ।

যোৱা ১৩ মাৰ্চৰ পৰা ধাৰাবাহিক ভাবে সমগ্ৰ বিটিচি এলেকাত পদযাত্ৰা আৰু জনজাগৰণ সভা অনুষ্ঠিত কৰি আছে আৰু আগলৈ চলাই যাব বুলি সদৰি কৰে । বিপিএফ দলৰ এই পদযাত্ৰা আৰু জনজাগৰণ সভাত ৰাইজৰ উপস্থিতি আৰু সহযোগ দেখি প্ৰমোদ বড়োৰ ইউপিপিএল শংকিত হৈ পৰিছে বুলি খাম্ফা বৰগয়াৰীয়ে মন্তব্য কৰে ।

বিপিএফ দলৰ সভাত ৰাইজৰ যোগদান কৰা কাৰ্য্যক বাধা প্ৰদান কৰাৰ বাবে ইউপিপিএল দলৰ নেতা কৰ্মী সকলে বিভিন্ন ধৰনৰ ষড়যন্ত্ৰত নামি পৰিছে বুলি অভিযোগ উত্থাপন কৰে । কাৰণ ৰাইজ এতিয়া বুজি উঠিছে যে ইউপিপিএল দলে পৰিৱৰ্তনৰ কথা কৈ বিটিচিৰ শাসনভাৰ লাভ কৰি এতিয়া কি ধৰণে পৰিবৰ্তনৰ কাম কৰি আছে ।

যাৰ কাৰণে ১৩ মাৰ্চৰ পৰা বিটিচি এলেকাত আৰম্ভ হোৱা বিপিএফ দলৰ ধাৰাবাহিক পদযাত্ৰা আৰু জনজাগৰণ সভাত ৰাইজৰ স্বতঃস্ফুত সঁহাৰিত প্ৰমোদ বড়ো তথা তেখেতৰ দল শংকিত হৈ পৰিছে । আজিৰ জনজাগৰণ সভাত মহিলা কোষৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম, বিপিএফ দলৰ সাধাৰণ সম্পাদক মহেশ বসুমতাৰী, প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী খাম্ফা বৰগয়াৰী, জিলা বিপিএফ ৰ সভাপতি তথা পাৰিষদ জেমচ বসুমতাৰী, বিটিচিৰ বিৰোধী দলৰ দলপতি দেৰহাছাৎ বসুমতাৰী, প্ৰাক্তন বিধায়ক মতিন্দ্ৰ বসুমতাৰী, গোৰ্খা কোষৰ নেতা নন্দ লাল মগৰ আদি কৰি বিপিএফৰ বহুতো নেতা কৰ্মী উপস্থিত থাকে ।

 বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰী
ফেশ্যন জগতত সংযুক্তা দত্তৰ ১০ বছৰ , বিশিষ্ট অভিনেত্ৰী সংগীতা বিজলানীৰ উচ্চ প্ৰশংসা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in