জাজৰীত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ...

সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে আহ্বান জনোৱা ব্লক আৰু পঞ্চায়ত কাৰ্যালয়ত ৰাষ্ট্রজোৰা প্রতিবাদ কাৰ্য্যসূচী বৃহস্পতিবাৰে জাজৰী দলংঘাট ব্লক কাৰ্যালয়ৰ সন্মুখত সফলভাৱে ৰূপায়ন কৰা হয়
জাজৰীত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ, বেবেজীয়াঃ সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে আহ্বান জনোৱা ব্লক আৰু পঞ্চায়ত কাৰ্যালয়ত ৰাষ্ট্রজোৰা প্রতিবাদ কাৰ্য্যসূচী বৃহস্পতিবাৰে জাজৰী দলংঘাট ব্লক কাৰ্যালয়ৰ সন্মুখত সফলভাৱে ৰূপায়ন কৰা হয়।

প্ৰতিবাদ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰী সকলে আদানি-আম্বানীৰ পৃষ্ঠপোষকতা কৰা মোদী চৰকাৰ হাঁয় হাঁয়, দুখীয়া শ্রমজীৱী ৰাইজৰ জীৱন-জীৱিকাৰ সংগ্রামত সকলো ৰাইজ এক হওঁক, দুখীয়া ৰাইজৰ বাসস্থানৰ অধিকাৰক মৌলিক অধিকাৰ বুলি ঘোষণা কৰক আদি শ্ল@গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তুলে ।

লগতে প্ৰতিবাদীসকলে, সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰক, উচ্ছেদিত সকলক পুণৰ সংস্থাপন দিয়ক, মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰক, প্রধানমন্ত্রী আৱাস যোজনাৰ ধন পাঁচ লাখলৈ বৃদ্ধি কৰক, দুখীয়া পৰিয়ালৰ বিদ্যুৎৰ বকেয়া বিল মাফ কৰক, দৰিদ্র সীমা ৰেখাৰ তলৰ প্ৰতিটো পৰিয়ালক ২০০ ইউনিট বিদ্যুৎ ৰেহাই দিয়ক, বৃদ্ধ-বিধবা আৰু আৰু অবিবাহিতাৰ পেন্সন ৩০০০ টকালৈ বৃদ্ধি কৰক আদি শ্লোগানৰে ধর্ণাস্থলী উত্তাল কৰি তোলে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কয় যে মোদীৰ বুলড'জাৰ ৰাজত গ্ৰামীণ ভাৰতবৰ্ষৰ মেহনতি ৰাইজে প্ৰচণ্ড দুৰ্দশাত জীৱন কটাইছে ।

গ্ৰামীণ দুখীয়া ৰাইজৰ কাম বিচাৰি পাব পৰা এমজিএনৰেগা আইন খনক মৃত্যুৰ মুখলৈ থেলি দিছে। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দুর্ব্বলতাই দেশৰ ৮০ কোটি জনতাৰ খাদ্য সুৰক্ষালৈ সংকট নমাই আনিছে ।

লগতে মহন্তই দলিত আদিবাসী আৰু মুছলমান সকলক উচ্ছেদ কৰি ভূমি আৰু বাসস্থানৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে বুলি বক্তব্য প্রদান কৰি সকলোকে ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাই ।

কাৰ্যসূচীত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ সদস্য তথা সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নেত্রী আয়েফা বেগম, সন্থাৰ জিলা সম্পাদক স্বপন হাজৰিকা সন্থাৰ অন্যতম নেতৃত্ব উমা পাটৰ, জোনামণী বৰদলৈ চিপিআই (এম এল) দলৰ নগাঁও জিলা সদস্য তথা ব্লক সম্পাদক মাধৱ বৰাই অংশ গ্ৰহণ কৰে ।

কাৰ্যসূচীৰ অন্তত উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ জড়িয়তে ভাৰতৰ ৰাষ্ট্রপতিলৈ এখন দহ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে। কাৰ্য্যসূচীত শতাধিক লোকে অংশ গ্ৰহণ কৰে ।

ইপিনে গ্রামীণ শ্রমিক সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি মঃ ইছব আলি সম্পাদক স্বপন হাজৰিকাই জনাই যে অহা ২৮ এপ্ৰিলত কৃষক শ্ৰমিক সন্থা অসমৰ উদ্যোগত জুৰীয়া ব্লকত গ্ৰামীণ শ্ৰমিক সন্থাই ৰহা ব্লকত আৰু ২৯ এপ্ৰিল তাৰিখে কঠিয়াতলি ব্লকৰ লংজাপ গাঁওপঞ্চায়ত উক্ত কাৰ্য্যসূচী ৰূপায়ন কৰা হ'ব বুলি জানিবলৈ দিয়ে।

জাজৰীত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ...
ৰিজিজুৱে শ্ৰুতলিপি দিব নেকি ন্যায়ালয়ে কি কৰিব !

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in