সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ চেলেংগুৰিত উত্তাল প্ৰতিবাদ...

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ খচৰাই জ্বলাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ।

author-image
Asomiya Pratidin
New Update
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ চেলেংগুৰিত উত্তাল প্ৰতিবাদ...

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ খচৰাই জ্বলাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত । নিজৰ এলেকা আন সমষ্টিত অন্তৰ্ভুক্তি হোৱাক লৈ অসন্তোষ্ট ভোটাৰে ঠায়ে ঠায়ে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰা পৰিলক্ষিত হৈছে । উজনিৰ ১২৫ নং ডুমডুমা বিধানসভা সমষ্টিৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত কুমচাং গাঁও পঞ্চায়তৰ গাঁও আৰু চাহ বাগিচাসমূহ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাত ডিগবৈ সমষ্টিত অন্তর্ভুক্ত হোৱাত ক্ষুন্ন হৈ পৰিছে কুমচাং পঞ্চায়তৰ চাহ জনগোষ্ঠীয় ৰাইজ ।

Advertisment

সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰকাশিত খচৰাত অসন্তোষ্ট কুমচাং গাঁও পঞ্চায়তৰ শ শ ৰাইজে শুকুৰবাৰে কাকপথাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ চাহ জনজাতি ছাত্ৰ সন্থাৰ ডুমডুমা আঞ্চলিক সমিতি আৰু কাকপথাৰ উপ-শাখা সমিতিৰ উদ্যোগত ৰাজপথলৈ ওলাই অহা প্ৰতিবাদী ৰাইজে নিৰ্বাচনী আয়োগ মুৰ্দাবাদ, সমষ্টি পুনৰ গঠনৰ নামত দালালি কৰা বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ডুমডুমা সমষ্টি হামদেৰ লাগে, ডিগবৈ সমষ্টি নাই যাব' আদি বিভিন্ন শ্ল'গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷

উল্লেখ্য যে ডুমডুমা সমষ্টিৰ গাতে লাগি থকা কুমচাং পঞ্চায়তক প্ৰায় ২০/৩০ কিল'মিটাৰৰো অধিক দূৰত্বৰ ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত কৰাত পঞ্চায়তবাসীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । নিৰ্বাচন আয়োগে এই সিদ্ধান্ত বাতিল কৰি কুমচাং পঞ্চায়তক ডুমডুমা সমষ্টিতে বাহাল নাৰাখিলে অধিক জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আজি প্ৰতিবাদী ৰাইজে স্পষ্ট কৰি দিয়ে ৷

প্ৰতিবাদৰ অন্তত আটছাৰ সহযোগত কুমচাং পঞ্চায়তৰ ৰাইজে দেশৰ নিৰ্বাচনী আয়োগলৈ এক দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰেৰণৰ ব্যৱস্থা কৰে । স্মাৰক-পত্ৰত কুমচাং পঞ্চায়তবাসীয়ে ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত হ'লে কি কি অসুবিধা তথা সমস্যাৰ সন্মুখীন হ'ব সেই বিষয়ে উল্লেখ কৰি কুমচাং পঞ্চায়তবাসীয়ে ডিগবৈৰ পৰিৱৰ্তে ডুমডুমা সমষ্টিতে অন্তর্ভুক্ত হৈ থাকিব বিচাৰা কথাটো সজোৰে দাবী উত্থাপন কৰে ।

Also Read: পূব নলবাৰী কলেজত ডাৰউইনৰ বিৱৰ্তনবাদ সম্পৰ্কীয় আলোচনা...

delimetation