পূব নলবাৰী কলেজত ডাৰউইনৰ বিৱৰ্তনবাদ সম্পৰ্কীয় আলোচনা...

পূব নলবাৰী জেষ্ঠ্য মাধ্যমিক বিদ্যালয়ত নতুন শিক্ষা নীতি আৰু ডাৰউইনৰ বিৱৰ্তনবাদ শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়

author-image
Asomiya Pratidin
New Update
পূব নলবাৰী কলেজত ডাৰউইনৰ বিৱৰ্তনবাদ সম্পৰ্কীয় আলোচনা...

ডিজিটেল সংবাদ, নলবাৰীঃ পূব নলবাৰী জেষ্ঠ্য মাধ্যমিক বিদ্যালয়ত নতুন শিক্ষা নীতি আৰু ডাৰউইনৰ বিৱৰ্তনবাদ শীৰ্ষক শুকুৰবাৰে এখনি আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় । আলোচনা সভাখনিত মুখ্য বক্তা হিচাবে অংশগ্ৰহণ কৰি বিশিষ্ট বিজ্ঞানকৰ্মী অধ্যাপক কমল নয়ন মিশ্ৰই ডাৰউইনৰ বিবৰ্তনবাদৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিস্তৃত ভাবে বক্তব্য ৰাখে।

Advertisment

ইলোৰা বিজ্ঞান মঞ্চৰ নলবাৰী শাখাৰ সভাপতি ফণীধৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰত মঞ্চৰ ৰাজ্যিক সমিতিৰ উপসভাপতি প্ৰণৱজ্যোতি ডেকাই ইলোৰা বিজ্ঞান মঞ্চৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে বক্তব্য ৰাখে। পূব নলবাৰী কলেজৰ প্ৰবক্তা ডঃ ৰাজেশ কাকতি আৰু অধ্যক্ষ ডঃ হেমন্ত শৰ্মাই চমু বক্তব্য আগবঢ়ায়। সভাত জুনিয়ৰ কলেজৰ সমূহ শিক্ষক কৰ্ম-কৰ্তা আৰু প্ৰায় এক শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সভাপতি ফণীধৰ তালুকদাৰে অন্ধবিশ্বাস মুক্ত সমাজ সৃষ্টিৰ বাবে আগুৱাই আহিবলৈ অনুৰোধ জনায়।

Also Read: তিনিচুকীয়াত আছুৰ ৩৮৬ গৰাকী মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা...

evolution darwin