মাৰ্ঘেৰিটাত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে পুনৰ উত্তাল প্ৰতিবাদ...

মাৰ্ঘেৰিটাত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে পুনৰ উত্তাল প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
মাৰ্ঘেৰিটাত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে পুনৰ উত্তাল প্ৰতিবাদ...

মাৰ্ঘেৰিটাত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে পুনৰ উত্তাল প্ৰতিবাদ...

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে আজি পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত হয়। মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰী মাম্পী সিং দত্তৰ দুৰ্নীতি, স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে আজি মাকুম পথাৰ পঞ্চায়তৰ অধিনিস্থ ২নং আগবন্ধা গাঁৱৰ শতাধিক বিভিন্ন চৰকাৰী আঁ‌চনীৰ পৰা বঞ্চিত হিতাধিকাৰীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে পঞ্চায়ত সভানেত্ৰী মাম্পী সিং দত্তৰ লগতে ১০নং ৱাৰ্ড মেম্বাৰ মুনমুন নন্দীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানৰে আকাশ বতাহ কপাই তোলে।

Advertisment

অঞ্চলটোত অৰুণোদয় আঁ‌চনী, প্ৰধানমন্ত্ৰী আবাস যোজনা গৃহ লাভ নকৰা, সৌৰ লাইটৰ পৰা বঞ্চিত, চৰকাৰী শৌচাগাৰ লাভ নকৰা , চৰকাৰী বিশুদ্ধ খোৱাপানী ব্যৱস্থা লাভ নকৰা, বিভিন্ন সময়ত বতাহ-ধুমুহাত নষ্ট হোৱ গৃহ নিৰ্মাণৰ ব্যৱস্থা নকৰা উপৰিও ৰেচন কাৰ্ডৰ পৰাও বঞ্চিত হ'ব লগা হৈছে গাওঁখনৰ শতাধিক পৰিয়াল।

বিশেষভাৱে সক্ষম মহিলাও কোনো ধৰণৰ চৰকাৰী আঁ‌চনী লাভ নকৰাত আজি মাম্পী সিং দত্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠে প্ৰতিবাদী মহিলাসকল। মাম্পী সিং দত্ত গ' বেক, ধ্বনিৰে পৰিৱেশ উত্তাল কৰে। প্ৰতিবাদী ৰাইজে অনতিপলমে ৰাইজৰ সমস্যাসমূহ সমাধান কৰিবলৈ মাকুম পথাৰ পঞ্চায়ত প্ৰতিনিধিক দাবী জনাইছে।

অন্যথা ইয়াতকৈও তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। উল্লেখ যে, ইয়াৰ পূৰ্বে সংগঠিত প্ৰতিবাদৰ পাছতেই সভানেত্ৰীগৰাকীয়ে এক সংবাদমেল সন্মোধন কৰি তেখেতৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ ন্যসাত কৰিছিল যদিও পুনৰ আজি শতাধিক মহিলা পঞ্চায়তটোৰ অন্তৰ্গত অন্য এক প্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Also Read: কলিয়াবৰ প্ৰেছ ক্লাবৰ ব‍্যৱস্থাপনাত বিনামূলীয়া চকু পৰীক্ষা শিৱিৰ সম্পন্ন...

মাৰ্ঘেৰিটা