/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/6860cead-271e-4702-92e2-41833fa08a2f/koliabor_14.jpg)
কলিয়াবৰ প্ৰেছ ক্লাবৰ ব্যৱস্থাপনাত বিনামূলীয়া চকু পৰীক্ষা শিৱিৰ সম্পন্ন...
ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰ প্ৰেছ ক্লাবৰ ব্যৱস্থাপনাত ৰবিবাৰে প্ৰেছ ক্লাবৰ কাৰ্য্যালয় প্ৰাঙ্গনত এক বিনামূলীয়া চকু পৰীক্ষা শিৱিৰ সম্পন্ন হয়। ই.আৰ.চি. আই কেয়াৰ নামৰ এক চকু চিকিৎসা প্ৰতিষ্ঠানৰ চকু বিশেষজ্ঞৰ এটা দলে ৰোগীসকলৰ মাজত সেৱা আগবঢ়ায় ।
পুৱাৰে পৰা অনুষ্ঠিত হোৱা চকু পৰীক্ষা শিবিৰটোত স্থানীয় বহু কেইগৰাকী জ্যেষ্ঠ লোকে অংশগ্ৰহণ কৰে । আৰম্ভণিতে কলিয়াবৰ মহকুমা চিকিৎসালয়ৰ উপ- অধীক্ষক ডাঃ জয়দ্বীপ কাকতীৰ উপস্থিতিত জখলাবন্ধা গাওঁ পঞ্চায়তৰ সভানেত্ৰী তৃষাৰাণী শইকীয়াই শিবিৰটো উদ্বোধন কৰে।
চিকিৎসকৰ দলটোৱে ৰোগীসকলৰ মাজত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ লগতে সীমিত মূল্যত চশ্মাও যোগান ধৰে। চিকিৎসকৰ দলটোৱে জনোৱা মতে চকু পৰীক্ষাৰ অন্তত যদি কোনো লোকৰ কেটেৰেক্টৰ অস্ত্ৰোপচাৰ কৰিব লগা হয় তেন্তে ৰোগীসকলে ভাৰত চৰকাৰৰ আয়ুষ্মান কাৰ্ডৰ হিতাধিকাৰীয়ে ই.আৰ.চি. আই কেয়াৰৰ চকু চিকিৎসালয়ত বিনামূলীয়াকৈ অস্ত্ৰোপ্ৰচাৰ কৰাৰ সুবিধা লাভ কৰিব ।
লগতে কলিয়াবৰ মহকুমা চিকিৎসালয়ৰ অধীক্ষক ডাঃ জয়দ্বীপ কাকতীয়ে জানিবলৈ দিয়া মতে কেটেৰেক্টেৰ অস্ত্ৰোপ্ৰচাৰ চৰকাৰী খৰচত কৰোৱাৰ ব্যৱস্থা আছে। কেৱল যাতায়তৰ বাবে মাত্ৰ ৫০০ টকা ব্যয় হ'ব বুলিও চিকিৎসকগৰাকীয়ে জনাইছে।
ইয়াৰ বিপৰীতে থকা খোৱা বোৱাসকলো বিনামূলীয়া। কলিয়াবৰৰ সাধাৰণ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতেও উদ্যোক্তা সকলে এনে স্বাস্থ্য শিৱিৰৰ আয়োজন কৰিব বুলিও উদ্যোক্তা সকলে জনাইছে।
Also Read: ডাঃ অনিল অৰোৰালৈ জীৱনজোৰা সাধনা বঁটা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us