তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহুৰ সাংস্কৃতিক শোভাযাত্ৰাত লোকে লোকাৰণ্য

চহৰখনৰ প্ৰায়সংখ্যক ব্যৱসায়ীক প্ৰতিষ্ঠান তথা দোকান-পোহাৰ বন্ধ কৰি সকলোৱে ভাগ লয় সাংস্কৃতিক শোভাযাত্ৰাত
তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহুৰ সাংস্কৃতিক শোভাযাত্ৰাত লোকে লোকাৰণ্য

ডিজিটেল সংবাদ, তিনিচুকীয়া : তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হোৱা ঐতিহাসিক তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মঙলবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাত তিনিচুকীয়াৰ ৰাজপথ লোকে লোকাৰণ্য হৈ পৰে । বিহুতলি বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাৰ বিভিন্ন সাংস্কৃতিক দলৰ লগতে চহৰখনৰ জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোশ্রেণীৰ ৰাইজৰ স্বত:স্ফুৰ্ত অংশগ্ৰহণেৰে ৭৪ বছৰীয়া কেন্দ্ৰীয় বিহুখনিক অনন্য মাত্ৰা প্ৰদান কৰে ।

চহৰখনৰ উপকন্ঠ অঞ্চলৰ লগতে জিলাৰ বিভিন্ন প্ৰান্তৰ বিহুবলীয়া ৰাইজেও অংশগ্ৰহণ কৰে এই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত । শোভাযাত্ৰা বাহিৰ হোৱাৰ পূৰ্বে বিহুতলিত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি শৰৎ দাসে আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰ আঁত ধৰে কাৰ্যকৰী সভাপতি মহেশ মৰাণে ।

ইয়াৰ পাছতে উদযাপন সমিতিৰ তৰফৰ পৰা বয়োজ্যেষ্ঠসকলক সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ পিছতেই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে ।

শোভাযাত্ৰাত শ্ৰম মন্ত্ৰীগৰাকীৰ লগতে তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈ আৰু পাৰিষদবৰ্গ, জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ কৈৰী, তিনিচুকীয়া চহৰৰ বিভিন্ন ব্যৱসায়ীক সংগঠনৰ প্ৰতিনিধিবৰ্গ, জাতীয় দল-সংগঠনৰ নেতৃবৃন্দ, সাংবাদিক, জ্যেষ্ঠ নাগৰিকেও অংশগ্ৰহণ কৰে । চলিহা নগৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাই প্ৰায় ৫ ঘন্টা সময় জুৰি তিনিচুকীয়া চহৰৰ কেইবাটাও পথ অতিক্ৰমী পুনৰ চলিহা নগৰ খেলপথাৰত সামৰণি মাৰে ।

চহৰখনৰ প্ৰায়সংখ্যক ব্যৱসায়ীক প্ৰতিষ্ঠান তথা দোকান-পোহাৰ বন্ধ কৰি সকলোৱে ভাগ লয় সাংস্কৃতিক শোভাযাত্ৰাত । অৱশ্যে চহৰখনত ইয়াৰ ফলত ভীষণ যান-জটৰ সৃষ্টি হয় ।

হেঁপাহৰ ৰঙালী বিহুতি পাই আজি মহামিলনৰ থলীলৈ পৰিণত হয় তিনিচুকীয়া চহৰ । শোভাযাত্ৰাৰ সামৰণিৰ লগে লগে ঢোল, পেঁপা বাদন আৰু গগনা প্ৰতিযোগিতা অনুষ্ঠিত হয় । সন্ধিয়ালৈ মৌ-কুঁৱৰী, গাভৰু বিহু, বিহুৱতী আৰু হুঁচৰি প্ৰতিযোগিতা আৰম্ভ হ'ব । স্মৰ্তব্য যে আগন্তুক বৰ্ষত তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে মহাৰজত জয়ন্তী বৰ্ষত উপনীত হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ।

তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহুৰ সাংস্কৃতিক শোভাযাত্ৰাত লোকে লোকাৰণ্য
কাৰ্বি আংলঙত প্ৰাক্তন এন ডি এফ বি সদস্যৰ বি জে পিত যোগদান

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in