বৰডুমচাত আৰক্ষীৰ অভিযান, চিকিৎসকসহ আঠ জুৱাৰীক আটক...

বিশেষ সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে নিশা তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ডিৰাক সোণজানত অভিযান চলাই এগৰাকী চিকিৎসকসহ আঠ জুৱাৰীক আটক কৰে

author-image
Asomiya Pratidin
New Update
বৰডুমচাত আৰক্ষীৰ অভিযান,  চিকিৎসকসহ আঠ জুৱাৰীক আটক...

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ বিশেষ সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে নিশা তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ডিৰাক সোণজানত অভিযান চলাই এগৰাকী চিকিৎসকসহ আঠ জুৱাৰীক আটক কৰে । ইয়াকে লৈ অঞ্চলজুৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ । জানিব পৰা মতে জিলাখনৰ ফিল'বাৰী আদৰ্শ চিকিৎসালয়ত কৰ্মৰত চিকিৎসক ডা: প্ৰণৱজ্যোতি দত্তৰ ডিৰাক সোণজানত থকা বাসগৃহত জুৱাৰ বৃহৎ আড্ডা চলি থকা বুলি লাভ কৰা গোপন খবৰৰ ভিত্তিত কালি নিশা বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতু চাংমাইৰ নেতৃত্বত অহা এটা আৰক্ষীৰ দলে চিকিৎসকজনৰ বাসগৃহত অভিযান চলায় ।

Advertisment

অভিযানকালত আৰক্ষীৰ দলটোৱে ডাঃ প্ৰণৱজ্যোতি দত্তসহ অসম-অৰুণাচল প্ৰদেশৰ মুঠ আঠগৰাকী জুৱাৰীক আটক কৰে । জুৱাৰী দলটোৰ পৰা আৰক্ষীয়ে নগদ এক লাখ, চাব্বিছ হেজাৰ ন শ টকা নগদ ধন আৰু তাচপাত (playing card ) জব্দ কৰে । জুৱাৰীৰ দলটোত দুগৰাকী মহিলাও আছিল । ধৃত জুৱাৰীকেইটা অৰুণাচল প্ৰদেশৰ ৰীতা লনফই, ইনক্ৰিলা টাউচিক, অখিল আলি, দিলিপচ তাৱাং, অশোক য়ান আৰু অসমৰ হেৰম্ব মৰাণ আৰু প্ৰণৱ ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে ।

আৰক্ষীয়ে ধৃত জুৱাৰীকেইজনক আটক কৰি থানালৈ লৈ যায় আৰু গেম্বলিং এক্টত এক জামিনযোগ্য গোচৰ ৰুজু কৰি আটাইকে মুকলি কৰি দিয়ে । উল্লেখ্য যে বিগত বহু বছৰ ধৰি বৰডিৰাক ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসক ডা: প্ৰণৱজ্যোতি দত্তই অঞ্চলটোত জুৱাৰ মেলা পতাৰ অভিযোগ উত্থাপিত হৈছিল । সততে বিতৰ্কৰ মাজত সোমাই থকা চিকিৎসকগৰাকীৰ এনে কৰ্ম-কাণ্ডক লৈ সীমান্তৱৰ্তী অঞ্চলটোত মিশ্রিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Also Read: হাওৰাঘাটত সমবায় সমিতিৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত...

gamblers arrested