হাওৰাঘাটত সমবায় সমিতিৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত...

গৰখীয়া পুখুৰী গাঁৱৰ ব্ৰহ্মজ্যোতি নামঘৰ প্ৰাংগণত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয় ।

author-image
Asomiya Pratidin
New Update
হাওৰাঘাটত সমবায় সমিতিৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত...

ডিজিটেল সংবাদ, হাওৰাঘাটঃ হাওৰাঘাট পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কাংকী বেলগুৰি বৃহত্তৰ বহুমুখী সমবায় সমিতিৰ অহা ৪ জুনত অনুষ্ঠিত হ'ব নিৰ্বাচন । এই উপলক্ষে শুকুৰবাৰে বিয়লি পাঁচ বজাত গৰখীয়া পুখুৰী গাঁৱৰ ব্ৰহ্মজ্যোতি নামঘৰ প্ৰাংগণত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় । গৰখীয়া পুখুৰী ভোট কেন্দ্ৰৰ সভাপতি চন্দন ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাংকী বেলগুৰি বৃহত্তৰ বহুমুখী সমবায় সমিতিৰ বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভাষণ দিয়ে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দেই ।

সভাত হাওৰাঘাট বিজেপি মণ্ডল সমিতিৰ সভাপতি ৰামায়ণ চৌহান, হাওৰাঘাট ভি ডি চি'ৰ চেয়াৰমেন বুদ্ধেশ্বৰ টেৰণ, ৰমেশ কেম্প্ৰাই, সজল দে‌ৱ, মমিত খাখলাৰী, বাবু ইংতি , হুকুৰাম কাথাৰ আদি বহু বিজেপি দলৰ নেতা কৰ্মী উপস্থিত থাকে । উল্লেখ্য যে কাংকী বেলগুৰি বৃহত্তৰ বহুমুখী সমবায় সমিতিৰ অহা ৪ জুনত হ'ব লগীয়া নিৰ্বাচনত বিজেপি দলৰ পৰা মুঠ ১৫ জনক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে । ইয়াৰে তিনিজন বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱাত বাকী ১২ জনে নিৰ্বাচনত অৱতীৰ্ণ হ'ব । আনহাতে কংগ্ৰেছ দলৰ পৰা কেৱল দুজন প্ৰাৰ্থীহে প্ৰক্ষেপ কৰা পৰিলক্ষিত হয় ।

Also Read: জয়ৰামপুৰ-বৰবাম শাখা সাহিত্য সভা গঠনৰ ৰাজহুৱা সভা সম্পন্ন...

Election campaign