উত্তেজিত ফিল’বাৰী: ড্ৰাগছ আসক্ত স্বামীৰ বাবে পত্নীৰ চৰম সিদ্ধান্ত...

ড্ৰাগছ আসক্ত স্বামীৰ বাবেই পত্নীৰ আত্মহত্যা কৰাৰ ঘটনাই জোকাৰিছে ফিল’বাৰী নাজিৰাটিং গাঁৱত ড্ৰাগছ বিৰোধী প্ৰতিবাদ ৰূপায়ণ ফিল’বাৰী থানা ঘেৰাও কৰাৰ হুংকাৰ
dangor kotha
dangor kotha

ডিজিটেল সংবাদ, ফিল'বাৰী : ফিল’বাৰীৰ আমগুৰি গাঁৱত ড্ৰাগছ আসক্ত স্বামীৰ বাবে এগৰাকী মহিলাই বৃহস্পতিবাৰে বিহ পান কৰি আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ ফিল’বাৰী অঞ্চলক জোকাৰি যায় ৷ বিশেষকৈ অঞ্চলটোত ড্ৰাগছৰ অবাধ প্ৰচলনৰ বাবেই ইটোৰ পিছত সিটো অসামাজিক কাৰ্যকলাপ সংঘটিত হ’ব ধৰাৰ সমান্তৰালভাৱে একাংশ পৰিয়ালত অশান্তিৰে বিৰাজ কৰাৰ পৰিলক্ষিত হৈছে ৷

ড্ৰাগছৰ প্ৰচলনৰ বাবে অঞ্চলটোত বৃদ্ধি পাব ধৰিছে চুৰি তথা লুট-পাত জনিত ঘটনা ৷ পৰিতাপৰ কথা যে, স্থানীয় আৰক্ষী-প্ৰশাসনৰ নিৰ্বিকাৰ ভূমিকাৰ বাবেই এনেদৰে ফিল’বাৰীৰ অলিয়ে-গলিয়ে ড্ৰাগছৰ বেহা চলা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ বৃহস্পতিবাৰে অঞ্চলটোৰ আমগুৰি গাঁৱৰ অৰুণজ্যোতি মৰাণ নামৰ এজন যুৱকক স্থানীয় একাংশলোকে ড্ৰাগছ সেৱন কৰি থকাৰ সময়তে আন সতীৰ্থৰ সৈতে কৰায়ত্ত কৰে। এই ঘটনাৰ ক্ষোভতে অৰুণজ্যোতি মৰাণৰ পত্নী সৰুমাই মৰাণ নামৰ মহিলা গৰাকীৰয়ে বিহ পান কৰি আত্মহত্যা কৰে ৷

এই ঘটনাৰ পাছতে শুকুৰবাৰে ফিল'বাৰীৰ নাজিৰাটিং গাঁৱৰ বহুমুখী উন্নয়ন সংঘৰ খেলপথাৰত গাঁওবাসী উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া ড্ৰাগছ, মদ, কানি আদি মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যেৰে উক্ত স্থানত সমবেত হয় গাঁওবাসী তথা ফিল'বাৰী অঞ্চলৰ শতাধিক লোক। সমবেতস্থলীত উপস্থিত বহু কেইগৰাকী মহিলাই আৱেগিক ভাৱে নিজ সংসাৰৰ স্বামী-পুত্ৰ সন্তানক ড্ৰাগছ-কানি জাতীয় বৰবিহৰ পৰা মুক্ত কৰাত চৰকাৰ তথা আৰক্ষী প্ৰশাসনৰ পৰা মুকলিকৈ সহায় বিচাৰে।

আনহাতে উপস্থিত শতাধিক ৰাইজে ড্ৰাগছ কানি বন্ধ কৰক, ফিল'বাৰী আৰক্ষী হায় হায় আদি শ্লোগানেৰে উত্তাল কৰি তোলে অঞ্চলটোৰ পৰিৱেশ । সমবেত ৰাইজে, যদিহে অহা ৮ এপ্ৰিলৰ ভিতৰত ফিল’বাৰীৰ ড্ৰাগছ বেপাৰীবোৰৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা নকৰে, তেন্তে ফিল'বাৰী আৰক্ষী থানা ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি আৰক্ষীক সকীয়াই দিয়ে।

dangor kotha
অসম পৰ্বতাৰোহণ সন্থাৰ কাঞ্চনজংঘা অভিযান : ৰাষ্ট্ৰপতিৰ ফ্লেগ অফ্...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in