
ডিগবৈ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি।
প্রায় দুই শতাধিক লোকে ঘেৰাও কৰিলে ডিগবৈ থানা।
পুখুৰী খন্দাক লৈ স্থানীয় ৰাইজ আৰু ঠিকাদাৰৰ মাজত সংঘাত।
অমৃত সৰোবৰ আঁচনিৰ অধীনত খন্দা হৈছিল পুখুৰী।
লক্ষীপথাৰ পঞ্চায়তৰ ১নং ৱাৰ্ডত খন্দা হৈছে এই পুখুৰীটো।
ঠিকাদাৰ পক্ষই ৰাইজৰ দাবী নমনাত হুলস্থূলীয়া পৰিৱেশ।
পুখুৰীৰ মাটি গাঁৱৰ বিভিন্ন কামত ব্যৱহাৰৰ দাবী জনাইছিল ৰাইজে।
দাবী নামানি নিশা পুখুৰীৰ মাটি খন্দাৰ গুৰুতৰ অভিযোগ ৰাইজৰ।
৪ ঠিকাদাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজে দাখিল কৰিছে এজাহাৰ।
আনহাতে গাঁৱৰ চাৰিজন যুৱকৰ বিৰুদ্ধে ঠিকাদাৰেও দাখিল কৰিছিল এজাহাৰ।
ইয়াৰ বিৰোধিতাতে ৰাইজে ঘেৰাও কৰিছে ডিগবৈ থানা।