ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ নামিল ৰাইজ...

ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিল ৰাইজ । মঙলবাৰে ফিল'বাৰীত ড্ৰাগছ বিৰুধী প্ৰতিবাদত কঁপিল ৰাজপথ
প্ৰতিবাদ
প্ৰতিবাদ

প্ৰতিদিন সংবাদ, ফিল’বাৰীঃ ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিল ৰাইজ । মঙলবাৰে ফিল'বাৰীত ড্ৰাগছ বিৰুধী প্ৰতিবাদত কঁপিল ৰাজপথ । শতাধিক পুৰুষ-মহিলাৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চল ।

আমগুৰি-নাজিৰাটিঙৰ পৰা ফিল'বাৰী আৰক্ষী থানালৈকে প্ৰতিবাদী সমদল । ৰাইজৰ এই প্ৰতিবাদত স্থানীয় কেইবাটাও দল-সংগঠনে সহযোগিতা আগবঢ়াই । ড্ৰাগছ, মদ, কানিৰ ব্যৱহায় বন্ধ কৰক, ফিলবাৰী অ চি গ’ বেক আদি শ্লোগানেৰে উত্তাল কৰি তুলে ৰাজপথ ।

ফিল'বাৰী আৰক্ষীয়ে ড্ৰাগছ মাফিয়াক কৰায়ত্ত নকৰাৰ অভিযোগ ৰাইজৰ । অঞ্চলটোত ড্ৰাগছৰ বেহা চলোৱা ৫ জন ড্ৰাগছৰ চোৰাং বেহাৰ লগত জড়িত লোকক আৰক্ষীৰ হাতত গটাই দিছিল । লগতে ড্ৰাগছ মাফিয়াৰ এখন তালিকা কিছুদিন পূৰ্বে ৰাইজে ফিল'বাৰী আৰক্ষীক দিছিল ।

কিন্তু আজি পৰ্যন্ত আৰক্ষীয়ে ড্ৰাগছ মাফিয়াৰ ঘৰত অভিযান চলোৱা দূৰৰে কথা ড্ৰাগছ মাফিয়া কেইটাক থানালৈ মাতি আনি সোধ-পোছ কৰিবলৈও সাহস গোটাব নোৱাৰিলে মন্তব্য প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে । এই লৈ ক্ষোভত ৰাজপথলৈ উলাই আহিল জনতা ।

প্ৰতিবাদ
শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়লৈ 'নাক'ৰ B++ গ্ৰেড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in