/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/220d52c9-195e-4884-8db5-702f293df7c4/sankardeva_college.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাওঁ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ে সোমবাৰে নাকে ঘোষণা কৰা মূল্যায়নত 'বি(++)' গ্ৰেড পাবলৈ সক্ষম হৈছে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠিত মহাবিদ্যালয়খনত চলিত বৰ্ষৰ ৩ আৰু ৪ এপ্ৰিলত হোৱা মূল্যায়নৰ ফলাফল আজি নাকৰ ৱেবছাইটত উপলব্ধ হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/1030f35c-8bab-434a-b1f4-5b0859b84d29/5781b68f_a108_46e3_83c2_e6f34ffa5f77.jpg)
মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ১৯৮৯ চনত প্ৰতিষ্ঠিত মহাবিদ্যালয়খনত প্ৰথমবাৰৰ বাবে হোৱা মূল্যায়ন সফলতাৰে সম্পূৰ্ণ হয় ৷ বটদ্ৰৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজে মহাবিদ্যালয়খনে বি (প্লাচ প্লাচ) গ্ৰেড পোৱাৰ পিছত সন্তুষ্টি প্ৰকাশ কৰি মহাবিদ্যালয়খনক সুন্দৰ ৰূপত উপস্থাপন কৰাৰ সহায়ৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/2200ec0a-72d0-4072-87fa-b64d44194bc0/d33f30e1_62e5_4d77_8cec_481da664407c.jpg)
ইফালে এই ফলাফল লাভ কৰি মহাবিদ্যালয়ৰ শিক্ষক - কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকল উৎফুল্লিত হৈ বিহুনৃত্য-গীতেৰে আনন্দ উপভোগ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্তই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
অন্যহাতে আই কিউ এ চিৰ সমন্বয়ক শ্বৰিফুল ইছলামে আশা কৰা ধৰণে ফলাফল পোৱা বুলি মত প্ৰকাশ কৰে আৰু সকলো সহযোগী(Stakeholders)ক ধন্যবাদ জ্ঞাপন কৰে।