/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b8696f1b-709b-4b8b-9fc3-975a5fe40463/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়াঃ ক'লা হীৰাৰ অবাধ লুণ্ঠনৰ ফলশ্রুতিত ঐতিহাসিক পাটকাই পৰ্বত ইতিহাস হোৱাৰ দিশে গতি কৰিছে । সুদীৰ্ঘ কাল ধৰি জধে-মধে পাটকাইৰ বুকু ভেদি কয়লা আহৰণ কৰাত সম্প্ৰতি পাটকাইৰ জীৱ-বৈচিত্ৰ্যতা সমুলঞ্চে ধ্বংস হোৱাৰ উপক্ৰম ঘটিছে। চৰকাৰী পৃষ্ঠপোষকতাৰ সমান্তৰালভাৱে মাফিয়া চক্ৰৰ দপদপনিত এতিয়া পাটকাই পৰ্বতে উচুপি কান্দিছে । শ-শ জেচিবি, ফকলেনৰ হাতোৰাই পাটকাইৰ বক্ষ বিদিৰ্ণ কৰি দিয়া হৈছে। চাওলুং চ্যুকাফাই পালি-পহৰীয়া সহিতে মৰণকো পণ কৰি অতিক্ৰম কৰা সেই পাটকাই পৰ্বত এতিয়া দুৰ্গম হৈ থকা নাই।
লুণ্ঠনৰ অঘোষিত প্ৰতিযোগিতাত পাটকাইৰ ৰেহৰূপেই সলনি কৰি দিয়া হৈছে । পিছে পাটকাই পৰ্বতৰ নিৰৱ উচুপনি শুনিবলৈ কাৰো সময় নাই । ভ্ৰুক্ষেপ নাই, কাণসাৰ নাই চৰকাৰ কিম্বা দল-সংগঠনৰো। সকলো ধন আহৰণৰ প্ৰতিযোগিতাত মত্ত । ৰেট হল মাইনিঙে অকালতে বিভিন্নজনৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছতো পাটকাইৰ বুকুত বন্ধ নহ'ল ৰেট হল মাইনিং। পাটকাইৰ বুকুত এই ভয়ংকৰ মাইনিং চলি থকাতো প্ৰমাণিত কৰি যোৱা ২ আগষ্ট তাৰিখে লেখাপানী থানাৰ অন্তৰ্গত চোৰাং কয়লাৰ অন্যতম ভূস্বর্গ হিচাপে বিবেচিত টিপং চালিত এক ৰেট হল মাইনিঙত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । এই জুই আজিও নিৰ্বাপিত হোৱা নাই । যি জুয়ে ঐতিহাসিক পাটকাই পৰ্বতলৈ অশনি সংকেত কঢ়িয়াই আনিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/3a9c7b31-5a92-4f4a-98cc-8c0339f55111/d62b691d_bdb4_4523_aae6_0ddebf5e01d5.jpg)
প্ৰাপ্ত তথ্য অনুসৰি ২ আগষ্টৰ পুৱা ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত লেখাপানী বনাঞ্চলৰ ভিতৰৰ পৰা টিপং চালিৰ এক অবৈধ ৰেট হল মাইনিঙত এই অগ্নিকাণ্ডৰ সূত্রপাত হয় । প্ৰবল বৰষুণেও নির্বাপিত কৰিব নোৱাৰা এই ভয়ংকৰ অগ্নিকাণ্ড আজিও অপৰিৱৰ্তিত অৱস্থাতেই আছে। বৰঞ্চ গভীৰৰ পৰা গভীৰতৰ হৈ পৰিছে অগ্নিকাণ্ডৰ ব্যাপকতা । অগ্নিকাণ্ডৰ ফলত ঐতিহাসিক পাটকাই পৰ্বতৰ লগতে নিকটৱৰ্তী দিহিং পাটকাই অভয়াৰণ্যৰ জীৱ-বৈচিত্ৰ্যৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে । কিন্তু জুই নিৰ্বাপন কৰিবলৈ বন বিভাগ কিম্বা অবৈধ কয়লা ছিণ্ডিকেটৰ প্ৰতি সেউজ সংকেট দি অহা চৰকাৰী কর্তৃপক্ষ কোনো আগবাঢ়ি অহা নাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/e24fae57-1bd9-4d63-8971-8ac5a6f48cbe/db8f95c0_ebd7_4600_95ba_dc620070c10f.jpg)
উল্লেখ্য যে, ১৯৭৮ চনতে উত্তৰ-পূৱ কয়লাক্ষেত্রই আৰম্ভ কৰা টিপং চালিৰ কয়লাখনি ২০১৫ বৰ্ষত বন্ধ হৈ পৰে। ফলত পৰিত্যক্ত খনিটো কয়লা মাফিয়াৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হয়। ক'ল ইণ্ডিয়াই বন্ধ কৰি দিয়া খনিসমূহৰ লগতে সিবিলাকৰ আশে-পাশে কাঠফুলাৰ দৰে গঢ়ি উঠে কয়লা মাফিয়াৰ ক'লা সাম্রাজ্য। টিপং-চালিৰ এই অগ্নিকাণ্ড গেছ নির্গত হৈ সূত্ৰপাত হোৱা বুলি অনুমান কৰা হৈছে যদিও নিশ্চিত কৰিবলৈ কোনো পক্ষ আগবাঢ়ি যোৱা নাই। এই ঘটনাই অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰিছে। তিনিটা দিন অতিক্রম কৰাৰ পাছতো বন বিভাগে জুই নিৰ্বাপনৰ বাবে তৎপৰতা প্ৰদৰ্শন নকৰা বিষয়টোৱে স্বাভাৱিকতেই সকলোকে আচৰ্য কৰি তুলিছে ।
Also Read: সেনাবাহিনীৰ বাহনৰ প্ৰচণ্ড খুন্দাঃ থিতাতে কৰুণ মৃত্যুক আঁকোৱালি ল'লে পথচাৰীয়ে