সেনাবাহিনীৰ বাহনৰ প্ৰচণ্ড খুন্দাঃ থিতাতে কৰুণ মৃত্যুক আঁকোৱালি ল'লে পথচাৰীয়ে

সেনাবাহিনীৰ বাহনৰ প্ৰচণ্ড খুন্দাঃ থিতাতে কৰুণ মৃত্যুক আঁকোৱালি ল'লে পথচাৰীয়ে

author-image
Asomiya Pratidin
New Update
সেনাবাহিনীৰ বাহনৰ প্ৰচণ্ড খুন্দাঃ থিতাতে কৰুণ মৃত্যুক আঁকোৱালি ল'লে পথচাৰীয়ে

ডিজিটে সংবাদ, দুমুনিচকীঃ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত দুমুনিচকীত শনিবাৰে বিয়লি সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোকৰ। নিহত লোকজন দুমুনিচকীৰ বাথান গাঁও নিবাসী দিজেন ডেকা (৫৫) বুলি জানিব পৰা গৈছে।

Advertisment

ঘটনা অনুসৰি লোকজনে বিয়লি প্ৰায় ৪-৩০ বজাত চাইকেল চলাই দুমুনিচকী হাইস্কুলৰ চকলৈ গৈছিল। তেনে সময়তে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মঙলদৈৰ দিশৰ পৰা অহা সেনাবাহিনীৰ এখন বাহনে ডেকাক খুন্দা মৰাত থিতাতে মৃত্যুক আঁকোৱালি লয়। দুৰ্ঘটনা সংঘটিত কৰি সেনাবাহিনীৰ বাহনখন লৈ চালকে পলায়ন কৰে যদিও স্থানীয় লোকে শালমাৰাত বাহনখন আবদ্ধ কৰি ৰাখে।

উক্ত ঘটনাক কেন্দ্ৰ কৰি স্থানীয় লোকে সেনাবাহিনীৰ নিয়ন্ত্ৰণহীন বাহনখনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰাৰ ফলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কিছুসময় যান-বাহন ব্যাহত হৈ পৰে। দুৰ্ঘটনা সন্দৰ্ভত অৱগত হৈ বাইহাটা চাৰিআলি আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত পৰিস্থিতি স্বাভাৱিক হয়। আৰক্ষীয়ে মৃত দিজেন ডেকাৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিছে।

Also Read: জলবন্দী বঢ়মপুৰৰ শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ বিদ্যালয়ঃ শংকিত ছাত্ৰ-ছাত্ৰী

Assam police