লেখাপানীত এন এছ চি এন (কে)ৰ সন্ত্ৰাস, অবৈধ কয়লা বেপাৰীক ধন দাবী...

লেখাপানীত এন এছ চি এন (কে)ৰ সন্ত্ৰাস, অবৈধ কয়লা বেপাৰীক ধন দাবী...
লেখাপানীত এন এছ চি এন (কে)ৰ সন্ত্ৰাস, অবৈধ কয়লা বেপাৰীক ধন দাবী...

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপঙৰ ফায়াৰিং ৰেঞ্জ নামে ঠাইত সন্দেহজনক নগা উগ্ৰপন্থী সংগঠন এন এছ চি এন (কে)ৰ সন্ত্ৰাসৰ বাতৰি পোৱা গৈছে । বিষ্ণু ৰাভা আৰু মুজিবুৰ ৰহমান নামৰ দুই গাড়ীৰ চালক -কৰ্মচাৰীক প্ৰহাৰ কৰাৰ লগতে পিষ্টল প্ৰৰ্দশন কৰি ভাবুকিও প্ৰদান কৰে । 

সন্দেহজনক নগা উগ্ৰপন্থী সংগঠন এন এছ চি এন (কে)ৰ ৰাম প্ৰধান নামৰ স্বয়ম্ভূ কামাণ্ডাৰ জনৰ নেতৃত্বত অহা এটা তিনিজনীয়া দলে সন্ত্ৰাস চলাই বুলি সূত্ৰত প্ৰকাশ ।  অবৈধ কয়লা ব্যৱসায়ীৰ পৰা ধন দাবীক কেন্দ্ৰ কৰিয়ে এই সন্ত্ৰাস।

দিন দুপৰতে সংঘটিত হয় এই ঘটনা। ইতিমধ্যে সেনাবাহিনীয়ে উক্ত এলেকাত ব্যাপক অভিযান অব্যাহত ৰাখিছে । ঘটনা সংঘটিত কৰিয়ে এন এছ চি এন(কে)ৰ ৰাম প্ৰধান নামৰ স্বয়ম্ভূ কামাণ্ডাৰ জনৰ নেতৃত্বত অহা এটা তিনিজনীয়া দলটো আতৰি যায় বুলি জানিব পৰা গৈছে।

মাৰধৰ কৰা ব্যক্তিকেইজনৰ অবৈধ কয়লা ব্যৱসায়ী মালিক জনৈক "চেনাই দা"ৰ পৰা ১০ লাখ টকা নগা উগ্ৰপন্থী দলটোৱে দাবী কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, টিপং, লালপাহাৰ,পাহাৰপুৰ, ফিনবিৰ, বালীজান, খান্দু আদি অঞ্চলত ব্যাপক ৰূপত শেহতীয়াকৈ অবৈধ কয়লা বেহা চলি থকাৰ সমান্তৰালভাৱে বিভিন্ন উগ্ৰপন্থী সংগঠনে এনে অবৈধ কয়লা ব্যৱসায়ীৰ পৰা ধন দাবী কৰি আহিছে বুলি সূত্ৰত প্ৰকাশ।

কিছুদিন পূৰ্বে অসম আৰক্ষীৰ এনেকাউণ্টাৰত মৃত্যু হোৱা উদয় অসমো অবৈধ কয়লা ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰিবলৈ আহি নিহিত হৈছিল বুলি আৰক্ষীৰ এক সূত্ৰেই জানিবলৈ দিছিল। অন্যহাতে লেখাপানী থানাৰ অন্তৰ্গত বিভিন্নস্থানত চলি থকা অবৈধ কয়লাবেহা বন্ধ কৰাৰ বিপৰীতে লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজন কয়লা মাফিয়াৰ পকেটত বুলি অভিযোগ উত্থাপন হৈছে।

লেখাপানীত এন এছ চি এন (কে)ৰ সন্ত্ৰাস, অবৈধ কয়লা বেপাৰীক ধন দাবী...
এতিয়াৰে পৰা থলুৱা শিপিনীৰ গামোচা, মেখেলা-চাদৰ, দখনাহে বিক্ৰী কৰিব পাৰিবঃ অন্যথা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in