এতিয়াৰে পৰা থলুৱা শিপিনীৰ গামোচা, মেখেলা-চাদৰ, দখনাহে বিক্ৰী কৰিব পাৰিবঃ অন্যথা...

এতিয়াৰে পৰা থলুৱা শিপিনীৰ গামোচা, মেখেলা-চাদৰ, দখনাহে বিক্ৰী কৰিব পাৰিবঃ অন্যথা...
এতিয়াৰে পৰা থলুৱা শিপিনীৰ গামোচা, মেখেলা-চাদৰ, দখনাহে বিক্ৰী কৰিব পাৰিবঃ অন্যথা...

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাৱাৰলুমৰ গামোচা, মেখেলা-চাদৰ আদি। বহিঃ ৰাজ্যাত বিদ্যুৎচালিত তাঁতশালত উৎপাদিত গামোচা, মেখেলা-চাদৰ, দখনা আদিৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে।

এই বিভাগটোৰ কামৰূপ জিলাৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা চিঠি নং- এ. ডি. এইচ.টি/কাম(জি)১৮৩০/২০২০-২১/৭৩ ৰ জাননীত সবিশেষ উল্লেখ কৰা হৈছে।

জাননীখনত কোৱা হৈছে - ''ইয়াৰ দ্বাৰা কামৰূপ জিলাৰ সকলো বস্ত্ৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ বিক্ৰেতাক জনোৱা হয় যে, Handloom (Reservation of Articles for Production) Act.1985 মৰ্মে বহিঃ ৰাজ্যৰ বিদ্যুৎচালিত তাঁতশালত (Powerloom) উৎপাদন কৰা গামোচা, মেখেলা-চাদৰ, দখনা আদিৰ বিক্ৰী অসমত নিষিদ্ধ। গতিকে উক্ত উৎপাদিত বস্ত্ৰ বিক্ৰী নকৰিবলৈ আপোনালোকক জনোৱা হ'ল।

ইয়াৰোপৰি জাননীখনত উল্লেখ কৰা অনুসৰি এই নিৰ্দেশ অমান্য কৰাসকলৰ বিৰুদ্ধে আইন অনুসৰিয়েই বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বিভাটোৱে অসমত থলুৱা বোৱনীৰ দ্বাৰা উৎপাদিত হাতে বোৱা গামোচা, মেখেলা-চাদৰ, দখনা আদি বিক্ৰীৰ ব্যৱস্থা কৰি বোৱনীসকলক উৎসাহিত কৰাৰ লগতে আৰ্থিক দিশত উপকৃত কৰিবলৈ অনুৰোধ জনাইছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পিছতে সাংবাদিকৰ আগত অসমত পাৱাৰলুমৰ গামোচা, মেখেলা-চাদৰ আদি বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল। ১৪ এপ্ৰিলত বিহুক গীনিজ ৱ'ৰ্ল্ড ৰেকৰ্ডত স্থান দিয়াৰ বাবে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানৰ সময়লৈকে কোনেও যাতে পাৱাৰলুমৰ গামোচা, চাদৰ, মেখেলা আদি বিক্ৰী কৰিব নোৱাৰে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰিছিল।

আনহাতে ২০২১ ৰ কেবিনেট বৈঠকত ৭ জুলাইৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সকলো চৰকাৰী অনুষ্ঠানত অসমৰ থলুৱা শিপিনীৰ হাতে বোৱা গামোচা ব্যৱহাৰ কৰা হ'ব।

এতিয়াৰে পৰা থলুৱা শিপিনীৰ গামোচা, মেখেলা-চাদৰ, দখনাহে বিক্ৰী কৰিব পাৰিবঃ অন্যথা...
যাত্ৰীবাহী আৰু মালবাহী ৰে'লৰ মাজত সংঘৰ্ষঃ ৩৬ জনৰ মৃত্যু, আহতৰ সংখ্যা শতাধিক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in